உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কাজিৰঙাৰ জনাঞ্চলত গঁড়ৰ আতংক, কথমপি প্ৰাণ ৰক্ষা বহু লোকৰ

    কাজিৰঙাৰ জনাঞ্চলত গঁড়ৰ আতংক, কথমপি প্ৰাণ ৰক্ষা বহু লোকৰ

    গঁড়টোৱে আক্ৰমণ কৰে বন বিভাগৰ এখন বাহনকে ধৰি দুখন গাড়ী।

    গঁড়টোৱে আক্ৰমণ কৰে বন বিভাগৰ এখন বাহনকে ধৰি দুখন গাড়ী।

    গঁড়টোৱে আক্ৰমণ কৰে বন বিভাগৰ এখন বাহনকে ধৰি দুখন গাড়ী।

    • Share this:
    বৃহস্পতিবাৰে গাড়ীৰ খুন্দাত আহত হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়টোৱে ৰাজপথত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰে। শুকুৰবাৰে দিনৰ ভাগত আহত গঁড়টোৱে কাজিৰঙাৰ হালধিবাৰীৰ ৰাজপথত দৌৰা আৰম্ভ কৰে ৷ চিকিৎসা নোপোৱা গঁড়টো ইমানেই খঙাল হৈ পৰে যে, কাজিৰঙাৰ হাবিলৈ বুলি বন বিভাগে খেদিবলৈ লওতেই গঁড়টোৰ আক্ৰমণত বিভাগীয় লক্ষীমাই নামৰ হাতীজনী আহত হয় ৷ আনকি, গঁড়টোৱে আক্ৰমণ কৰে বন বিভাগৰ এখন বাহনকে ধৰি দুখন গাড়ী।

    উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা গঁড় দুৰ্ঘটনাগ্ৰস্ত হৈছিল কাজিৰঙাৰ হালধিবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। আঘাতপ্ৰাপ্ত গঁড়টোৱে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন হাবিত আশ্ৰয় লৈ আছিল। গঁড়টোক হাতীৰ সহায়ত আজি উদ্যানলৈ খেদি পঠিওৱাৰ চেষ্টা কৰোতে সংঘটিত হয় এই ঘটনা।

    সন্ধিয়া গঁড়টো কাজিৰঙাৰ হাতীখুলি চাহবাগিচাৰ লাইন প্ৰৱেশ কৰি কেইবাটাও বাসগৃহৰ লগতে চৌহদৰ বেৰৰ আংশিক ক্ষতিসাধন কৰে ৷ আনহাতে, গঁড়টোৱে ৰাজপথেদি যোৱা তিনিচুকীয়াৰ এখন আই টুৱেণ্টি গাড়ীত আক্ৰমণ কৰে ৷

    ইফালে বৃহস্পতিবাৰে গাড়ীয়ে খুন্দিওৱা গঁড়টো ৰাজপথত ঢলি পৰাৰ পাছতো আজি পৰ্যন্ত  কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা কৰা নাই বনবিভাগে ৷ শুকুৰবাৰে গঁড় ওলোৱা স্থানত বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকা, কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, সহকাৰী বন সংৰক্ষক পিৰাই সুদন, কহঁৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ত্ৰিভূৱন শইকীয়া উপস্থিত থাকি গঁড়টোৰ সুৰক্ষাৰ কামত নিয়োজিত হয় ৷
    Published by:Himangshu Bhuyan
    First published: