মাজুলীৰ লুইত-খাবলু পঞ্চায়তৰ শান্তিপুৰ গাঁৱত গঁড়ৰ আক্ৰমণৰ বলি এজন যুৱক। নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰ গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়। লেখন মিলি নামৰ ছাত্ৰগৰাকীয়ে হাত-ভৰি আৰু কঁকালত গুৰুতৰভাৱে আঘাত পাইছে।
পুৱা ৪ মান বজাত হাল বাবলৈ যাওঁতে পথাৰতে গঁড়ে আক্ৰমণ কৰে লেখনক। আজি দীৰ্ঘ দিনে কাজিৰঙাৰ পৰা অহা দুটি গঁড়ে আতংকৰ সৃষ্টি কৰি আহিছে।
আজি আক্ৰমণ কৰা গঁড়টো বন বিভাগৰ লোক উপস্থিত হৈ ইতিমধ্যে পাভ ৰিজাৰ্ভলৈ খেদি পঠিয়াইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।