মুখ্যপৃষ্ঠা »খবৰ »অসম »North East Frontier Railway : উত্তৰ-পূৰ্বাঞ্চলৰ সাংসদসকলৰ সৈতে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ পৰ্যালোচনা বৈঠক সম্পন্ন

North East Frontier Railway : উত্তৰ-পূৰ্বাঞ্চলৰ সাংসদসকলৰ সৈতে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ পৰ্যালোচনা বৈঠক সম্পন্ন

মহাপ্ৰৱন্ধকে সাংসদসকলে দিয়া পৰামৰ্শবোৰ উল্লেখ কৰি সেইবোৰ যিমান সম্ভৱ সুগমভাৱে কাৰ্যকৰী কৰাৰ আশ্বাস দিয়ে।

মহাপ্ৰৱন্ধকে সাংসদসকলে দিয়া পৰামৰ্শবোৰ উল্লেখ কৰি সেইবোৰ যিমান সম্ভৱ সুগমভাৱে কাৰ্যকৰী কৰাৰ আশ্বাস দিয়ে।

  • Share this:
উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক অংশুল গুপ্তাই আজি যিসকল সাংসদৰ সংসদীয় সমষ্টিৰ ৰে'ল সেৱা লামডিং আৰু ৰঙিয়া মণ্ডল পৰিসৰৰ ভিতৰত পৰে, তেওঁলোকৰ সৈতে এক বৈঠকত মিলিত হয়। এই বৈঠকত মুঠ দহজন সাংসদ আৰু তিনিগৰাকী সাংসদৰ প্ৰতিনিধি উপস্থিত আছিল।

তেওঁলোকৰ ভিতৰত অসমৰ ৰাজ্যসভাৰ সাংসদ ক্ৰমে ভুৱনেশ্বৰ কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰণগৌৰা নাৰ্জাৰী, পৱিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰে আৰু মেঘালয়ৰ পৰা ড৹ ৱানৱেইৰয় খাৰলুখি; লোকসভাৰ সাংসদ কুইন ওজা (গুৱাহাটী), চি লালৰোচাংগা (মিজোৰাম), লাৰহো এছ. ফোজ (আউটাৰ মণিপুৰ), হৰেন সিং বে (ডিফু), ড০ ৰাজকুমাৰ ৰঞ্জন সিং, (ইনাৰ মণিপুৰ); দিলীপ শইকীয়াৰ প্ৰতিনিধি (মঙলদৈ), গৃহ, আইন আৰু ন্যায় মন্ত্ৰালয়ৰ মন্ত্ৰী কিৰেণ ৰিজিজুৰ (অৰুণাচল প্ৰদেশ) প্ৰতিনিধি আৰু আব্দুল খালেকৰ (বৰপেটা) প্ৰতিনিধি উপস্থিত থাকে।

উল্লেখযোগ্য যে, এই বৈঠকত ৰঙিয়াৰ মণ্ডলৰ ৰে'ল প্ৰৱন্ধক ভি কে শ্ৰীবাস্তৱ আৰু লামডিং মণ্ডল ৰে'ল প্ৰৱন্ধক জে এছ লাক্ৰাৰ লগতে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ ৰে'ল বিষয়াবৰ্গও উপস্থিত আছিল।

মন কৰিবলগীয়া যে আজিৰ বৈঠকখন উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ দ্বাৰা চলি থকা উন্নয়নমূলক কাৰ্যকলাপৰ বিষয়ে সাংসদসকলক অৱগত কৰাৰ বাবে কৰা হৈছিল আৰু উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ সেৱা অধিক উন্নত কৰাৰ বাবে উপস্থিত সকলো জনপ্ৰতিনিধিৰ পৰা বৈঠকত পৰামৰ্শ বিচৰা হয়।

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধকে সকলো সাংসদক আদৰণি জনোৱাৰ সময়ত সমগ্ৰ উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ সফলতাসমূহৰ ওপৰত আলোকপাত কৰে। মহাপ্ৰৱন্ধকগৰাকীয়ে জনায় যে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বৰ্তমান ৬৮২৯ টিকেএম ৰে'লৱে নেটৱৰ্ক আছে, লগতে এই নেটৱৰ্কত অতিৰিক্ত ১২৪২ টিকেএম যোগ দিয়া হ'ব, যাৰ কাম বৰ্তমানে চলি আছে। মহাপ্ৰৱন্ধকে লগতে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ ৰাজধানীসমূহলৈ ৰে'ল যোগাযোগ অধিক উন্নতকৰণ কৰাৰ বাবে বিভিন্ন ৰেল সংযোগৰ কাম চলি আছে।

যিহেতু এই অঞ্চলটোৱে দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰে, ইয়াক দক্ষিণ-পূব এছিয়াৰ সৈতে সংযোজিত কৰাৰ বাবে আন বহুতো প্ৰকল্পও হাতত লোৱা হৈছে। এই অঞ্চলটোত পাহাৰীয়া অঞ্চলৰ মাজেৰে বিস্তৃত জটিল ৰে'ল নেটৱৰ্ক আছে য'ত বৃহৎ সংখ্যক সুৰংগ, সৰ্বাধিক সংখ্যক দলং আৰু সমগ্ৰ ৰে'ল ব্যৱস্থাৰ আটাইতকৈ দীঘল হস্তী কৰিডৰো আছে।

মহাপ্ৰৱন্ধকগৰাকীয়ে উল্লেখ কৰে যে উত্তৰ-পূব সীমান্ত ৰে'লৱেই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত প্ৰধানমন্ত্ৰী গতি শক্তিক বহিৰ্গমন আৰু আগমন দুয়োধৰণৰ পৰিবহন চলাই নিয়াৰ বাবে দ্ৰুতগতিত ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যাতে ৰে'লপথ আৰু বন্দৰ একত্ৰীকৰণ হয়। উত্তৰ-পূব সীমান্ত ৰে'লৱেই ২০২৫ চনৰ শেষৰ ফালে ৬৫ নিযুত টন ৰে'ল পৰিবহণ চম্ভালিব বুলি আশা কৰিছে যি ৰে'লৱেই বৰ্তমানে ৩০ নিযুত টন ৰে'ল পৰিবহণ কৰি আছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই যাত্ৰীসকলৰ যাতায়াতৰ লগতে মালবস্তু পৰিবহণ ক্ষমতা আৰু অধিক বৃদ্ধি কৰাৰ বাবে অন্যান্য বিভিন্ন উন্নয়নমূলক কামৰ ওপৰত প্ৰচেষ্টা চলাই আহিছে।

আজিৰ এই বৈঠকত সকলো সাংসদে ৰে'ল বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে অতি ফলপ্ৰসূ বাৰ্তালাপ কৰে। সাংসদসকলে ৰে'ল যোগাযোগৰ সম্প্ৰসাৰণ আৰু উন্নতকৰণ, ষ্টেচনৰ উন্নীতকৰণ আৰু পুৰণি ঐতিহ্য ষ্টেচনসমূহ সংৰক্ষণ আদিৰ ওপৰত পৰামৰ্শ দিয়ে। উপস্থিত সাংসদসকলে বৈঠকখন আয়োজন কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে মহাপ্ৰৱন্ধকে সাংসদসকলে দিয়া পৰামৰ্শবোৰ উল্লেখ কৰি সেইবোৰ যিমান সম্ভৱ সুগমভাৱে কাৰ্যকৰী কৰাৰ আশ্বাস দিয়ে।

শেহতীয়া বাতৰি