প্ৰাতঃভ্ৰমণৰ বাবে ওলাই অহা অৱসৰপ্ৰাপ্ত শিক্ষকে উভতি যাব নোৱাৰিলে নিজ ঘৰলৈ৷ প্ৰাতঃভ্ৰমণৰ বাবে ওলাই অহা অৱসৰপ্ৰাপ্ত শিক্ষকে উভতি যাব নোৱাৰিলে নিজ ঘৰলৈ৷ বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাপাৰাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়৷ নিহত লোকজন অৱসৰপ্ৰাপ্ত শিক্ষক টিকেন ৰায় বুলি চিনাক্ত কৰা হৈছে।
প্ৰাতঃভ্ৰমণ কৰিবলৈ ঘৰৰ পৰা ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথেৰে খোজকাঢ়ি থাকোতে বঙাইগাঁও অভিমুখে পাচলি কঢ়িওৱা AS-17C 3919 নম্বৰৰ পাচলি কঢ়িওৱা চাৰিচকীয়া এখন বাহনে লোকজনক মহতিয়াই নিয়ে।
দুৰ্ঘটনা সংঘটিত কৰি টাটা মেজিকখনো পথৰ দাঁতিত থকা খাৱৈত বাগৰি পৰে। ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে।
Published by: Sanjay Kumar Das
First published: October 07, 2021, 11:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|