আজি কাৰ্গিল বিজয় দিৱস, এতিয়াও পাকিস্তানৰ বিৰুদ্ধে যুঁজিবলৈ সাজু এইগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়া

News18 Assam | News18-Assam
Updated:July 26, 2020, 12:50 PM IST
আজি কাৰ্গিল বিজয় দিৱস, এতিয়াও পাকিস্তানৰ বিৰুদ্ধে যুঁজিবলৈ সাজু এইগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়া
১৯৯৯ চনৰ ২২ জুলাইত পাকিস্তানী সেনাৰ ভয়াৱহ আক্ৰমণৰ সন্মুখীন হৈছিল সেনা বাহিনীৰ কেপ্টেইন ঘনকান্ত কেওট৷

১৯৯৯ চনৰ ২২ জুলাইত পাকিস্তানী সেনাৰ ভয়াৱহ আক্ৰমণৰ সন্মুখীন হৈছিল সেনা বাহিনীৰ কেপ্টেইন ঘনকান্ত কেওট৷

  • Share this:
চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে আজিও যুঁজাৰ মন এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ৷ ভাৰত চৰকাৰ বা সেনা বাহিনীয়ে যি মুহূৰ্ততে মাতে সেই মুহূৰ্ততে ওলাই যাবলৈ সাজু ৬৬ বছৰীয়া অৱসৰপ্ৰাপ্ত কেপ্টেইন ঘনকান্ত কেওট৷ সোঁ বাহুৰ ২৫টা চিলায়ে আজিও এইগৰাকী সেনা বিষয়াৰ কাৰ্গিলৰ ভয়াৱহ স্মৃতি সজীৱ কৰি ৰাখিছে৷ ১৯৯৯ চনৰ ২২ জুলাইত পাকিস্তানী সেনাৰ ভয়াৱহ আক্ৰমণৰ সন্মুখীন হৈছিল সেনা বাহিনীৰ কেপ্টেইন ঘনকান্ত কেওট৷

২০০৫ চনত ভাৰতীয় সেনা বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰি তেজপুৰ ডেকাৰগাঁৱত নিগাজিকৈ থাকিবলৈ লোৱা ঘনকান্ত কেওটে আজি “কাৰ্গিল বিজয় দিৱস”ৰ দিনটোত স্বাভাৱিকতে আৱেগিক হৈ পৰে৷ ভাৰতীয় সেনা সমগ্ৰ পৃথিৱীৰ ভিতৰতে আটাইতকৈ শক্তিশালী বুলি উল্লেখ কৰি কাৰ্গিল যুদ্ধত আহত-নিহত সেনা বিষয়া-জোৱানলৈ শ্ৰদ্ধা যাঁচি দেশমাতৃৰ সেৱাত জড়িত হ'বলৈ আজিও মন থকাৰ কথা সদৰি কৰে News18ৰ আগত৷

আনহাতে, ভাৰত চৰকাৰ বা সেনা বাহিনীয়ে বিচাৰিলে যিকোনো মুহূৰ্ততে ওলাই শত্ৰু পাকিস্তানক এশিকনী দিয়াৰ মন থকাৰ কথাও ব্যক্ত কৰিলে আঘাতপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীয়ে৷
Published by: Sanjay Kumar Das
First published: July 26, 2020, 12:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading