আছুৰ দখলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা, সভাপতি–সাঃ সম্পাদক পদত কোন জিকিল?

সাধাৰণ সম্পাদকৰ পদ দখল কৰি ABVP–এ ৰচিলে ইতিহাস।

News18-Assam
Updated:September 25, 2019, 6:51 PM IST
আছুৰ দখলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা, সভাপতি–সাঃ সম্পাদক পদত কোন জিকিল?
সাধাৰণ সম্পাদকৰ পদ দখল কৰি ABVP–এ ৰচিলে ইতিহাস।
News18-Assam
Updated: September 25, 2019, 6:51 PM IST
ঘোষণা হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল। ঘোষিত ফলাফল অনুসৰি, সভাপতি পদত জয়ী হৈছে অনুৰাগ কল্যাণ বৰগোহাঁই। উপ–সভাপতি পদত জয়ী লক্ষ্যজিৎ দাস। সাধাৰণ সম্পাদক পদত বিজয়ী হৈছে মুন তালুকদাৰ।

সেইদৰে সহঃ সাধাৰণ সম্পাদক পদত তৃষ্ণা বৰ্মন, সাহিত্য সম্পাদক পদত অপ্ৰিম কুমাৰ বৰা, সংগীত সম্পাদক পদত শিল্পিকা মধুকল্য, সাংস্কৃতিক সম্পাদক পদত সৌৰভ সাহা, তৰ্ক সম্পাদক পদত গীতাশ্ৰী বৰা, গুৰু খেল সম্পাদক পদত জুবিন মুক্তিয়াৰ, লঘু খেল সম্পাদক পদত নবাংকুৰ শইকীয়া জয়ী হৈছে। আনহাতে, ক্ৰীড়া সম্পাদক পদত খাৰামদাও বসুমতাৰী, ছাত্ৰ জিৰণী কোঠা সম্পাদক পদত নাছিৰ মিৰ্জা, ছাত্ৰী জিৰণী কোঠা সম্পাদক পদত সাগৰিকা কলিতা, শৰীৰচৰ্চা সম্পাদক পদত চম্পক বৰা আৰু সমাজ সেৱা সম্পাদক পদত জয়ী হৈছে ফাৰ্ণি আহমেদ।

সাধাৰণ সম্পাদকৰ পদ দখল কৰি ABVP–এ ৰচিলে ইতিহাস। সভাপতি পদকে ধৰি মুঠ ১০টা পদ দখল কৰে আছু সমৰ্থিত প্ৰাৰ্থীয়ে। ABVP–এ দখল কৰিলে সাধাৰণ সম্পাদক, সাংস্কৃতিক সম্পাদক পদসহ মুঠ তিনিটা পদ দখল কৰে। এটা পদত জয়লাভ কৰে এছ এফ আয়ে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি