মুখ্যপৃষ্ঠা »খবৰ »অসম »George Bordoloi: ৰাজ্যৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী জৰ্জ বৰদলৈৰ আত্মহত্যা

George Bordoloi: ৰাজ্যৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী জৰ্জ বৰদলৈৰ আত্মহত্যা

বৰদলৈৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে বিশিষ্ট শিল্পী জুবিন গাৰ্গে।

বৰদলৈৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে বিশিষ্ট শিল্পী জুবিন গাৰ্গে।

বৰদলৈৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে বিশিষ্ট শিল্পী জুবিন গাৰ্গে।

  • Share this:
ৰাজ্যৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী জৰ্জ বৰদলৈয়ে আজি সোণাপুৰত আত্মহত্যা কৰে। আত্মহত্যা সন্দৰ্ভত আৰক্ষীয়ে কৰা অনুসন্ধানত এখন চুইচাইড নোট পোৱা বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

তথ্য অনুসৰি, এখন শিক্ষানুষ্ঠানৰ বিষয়াই তেওঁৰ ওপৰত মানসিক নিৰ্যাতন চলোৱাৰ বাবে আত্মহত্যাৰ পথ বাছি লোৱা বুলি অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, হস্তী কৰিড’ৰক লৈ কোনো সংঘাত-সমস্যাত পৰিছিল ব্যৱসায়ী বৰদলৈ।

চুইছাইড নোটখনত নাম উল্লেখ কৰা উক্ত ব্যক্তিগৰাকীক ইতিমধ্যে আৰক্ষী সোধা-পোচা কৰাৰ বাবে থানালৈ আনিছে। পৰৱৰ্তী পৰ্যায়ত জানিব পৰা যাব ব্যৱসায়ী জৰ্জ বৰদলৈৰ (George Bordoloi) মৃত্যুৰ মূল কাৰণ। ইপিনে বৰদলৈৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে বিশিষ্ট শিল্পী জুবিন গাৰ্গে।

শেহতীয়া বাতৰি