অসম বহুমুখী সমবায় সমিটি লিমিটেডৰ কাৰ্যকলাপ প্ৰায় তিনিমাহ ধৰি বন্ধহৈ আছে। বিগত বৰ্ষৰ অক্টোবৰৰ পৰা বহুমুখী সমবায় ওপৰত বিভাগীয় তদন্ত চলি আছিল। ৰাজ্য চৰকাৰৰ সমবায় বিভাগে চলাইছে এই তদন্ত।
অসম বহুমুখী সমবায় সমিটি লিমিটেডৰ কাৰ্যকলাপ বন্ধ হৈ থকাৰ বাবে অসুবিধাত পৰিছে অসমৰ গ্ৰাহক, অংশীদাৰ আৰু কৰ্মচাৰী সকল।
সমগ্ৰ অসমত অসম বহুমুখী সমবায় সমিটি লিমিটেডৰ ২২৬ টা শাখাত ৫৫০০ কৰ্মচাৰী আছে। ৰাজ্যত অসম বহুমুখী সমবায় সমিটি লিমিটেডৰ ৭০ হাজাৰ অংশীদাৰ আছে, তেওঁলোকেও বিপদত পৰিছে। বন্ধ হৈ থকা অসম বহুমুখী সমবায় সমিটি লিমিটেডৰ কাৰ্যালয় খুলি দিয়াৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্ৰী নন্দিতা গাৰ্লোছাক অনুৰোধ জনাইছে বোৰ্ডে। ইতিমধ্যে বোৰ্ডৰ সজাতি দলে সমবায় মন্ত্ৰী নন্দিতা গাৰ্লোছাকো সাক্ষাৎ কৰিছে। বোৰ্ডৰ সচিৱ আৰু সঞ্চালকসকলে সোনকালে অসম বহুমুখী সমবায় সমিটি লিমিটেডৰ কাৰ্যালয় খুলিব বুলি আশাবাদী হৈ আছে।
Published by: Kokil Sarma
FIRST PUBLISHED : March 17, 2023, 22:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।