• Home
  • »
  • News
  • »
  • assam
  • »
  • Republic Day | Paresh Baruah : ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱস, পৰেশ বৰুৱাক বিশেষ আহ্বান শাসক-বিৰোধীৰ বিধায়কৰ

Republic Day | Paresh Baruah : ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱস, পৰেশ বৰুৱাক বিশেষ আহ্বান শাসক-বিৰোধীৰ বিধায়কৰ

পৰেশ বৰুৱা ছাৰে পুনৰ বিবেচনা কৰক- ৰূপজ্যোতি কুৰ্মী

পৰেশ বৰুৱা ছাৰে পুনৰ বিবেচনা কৰক- ৰূপজ্যোতি কুৰ্মী

পৰেশ বৰুৱা ছাৰে পুনৰ বিবেচনা কৰক- ৰূপজ্যোতি কুৰ্মী

  • Share this:

২৬ জানুৱাৰীৰ গণৰাজ্য দিৱস আলফা স্বাধীনে বৰ্জন কৰাৰ পিছত এতিয়া বিষয়টোক লৈ শাসক-বিৰোধী উভয় পক্ষই পৰেশ বৰুৱালৈ আহ্বান জনাইছে৷ বৰ্জন কাৰ্যসূচী প্ৰত্যাহাৰ কৰি আলোচনাৰ মেজলৈ অহাৰ বাবে আহ্বান জনালে পৰেশ বৰুৱাক ৷


সাৰ্বভৌমত্ব বিষয়ত আলফা স্বাধীনৰে কৰিব লাগিব নেকি আলোচনা? চৰকাৰে কিদৰে আগবঢ়াই নিব পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ সৈতে বহু চৰ্চিত আলোচনা ৷ এই বিষয়ত বিগত ১ জানুৱাৰীৰ পৰাই বহু বেছিকৈ আৰম্ভ হৈছে চৰ্চা ৷ মুখ্যমন্ত্ৰীয়ে ৰাইজ, দল-সংগঠন, বুদ্ধিজীৱী আৰু সংবাদ মাধ্যমক বিশেষ উদ্যোগ ল'বলৈ জনাইছে আহ্বান ৷ এই বিষয়ত আলোচনা বা চৰ্চা চলি আছে ৷ ইয়াৰ মাজতে অহা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱস বৰ্জন কৰিলে আলফা স্বাধীনে ৷


এই বিষয়ত আজি শাসক-বিৰোধী উভয় পক্ষই পৰেশ বৰুৱালৈ জনালে আহ্বান ৷ BJPৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পৰেশ বৰুৱাক ছাৰ বুলি সম্বোধন কৰি বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনালে ৷


ৰূপজ্যোতি কুৰ্মীৰ মতে পৰেশ বৰুৱা এজন ভাল মানুহ ৷ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানক সঁহাৰি জনাবলৈ কুৰ্মীয়ে পৰেশ বৰুৱাক আহ্বান জনায় ৷ BJPৰ আন এজন বিধায়ক দিগন্ত কলিতায়ো আলোচনাৰ মেজলৈ পৰেশ বৰুৱাক আহ্বান জনালে৷


AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই গণৰাজ্য দিৱস আলফা স্বাধীনে বৰ্জন কৰাক লৈ চৰকাৰৰ সৈতে পৰেশ বৰুৱাৰ মতবিৰোধ হোৱা বাবেই কৰিছে বুলি দাবী কৰে৷ কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে আলফা স্বাধীনে গণৰাজ্য দিৱস বৰ্জন কৰিলেও ৰাইজে পালন কৰিবই বুলি দাবী কৰে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি