உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Republic Day Preparation : গণৰাজ্য দিৱসত শ্বহীদ কনকলতা বৰুৱা, মুকুন্দ কাকতিৰ সাহসিকতাৰ নিদর্শন উপস্থাপনৰ পৰিকল্পনা, প্রতীকপট অনুমোদনৰ অপেক্ষা ৰাজ্য চৰকাৰৰ

    Republic Day Preparation : গণৰাজ্য দিৱসত শ্বহীদ কনকলতা বৰুৱা, মুকুন্দ কাকতিৰ সাহসিকতাৰ নিদর্শন উপস্থাপনৰ পৰিকল্পনা, প্রতীকপট অনুমোদনৰ অপেক্ষা ৰাজ্য চৰকাৰৰ

    সাংকেতিক ছবি

    সাংকেতিক ছবি

    ৰাজ্য চৰকাৰৰ পৰিকল্পনাত এতিয়াও মোহৰ পৰিবলৈ বাকী কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ; মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰিছে পত্ৰ 

    • Share this:
    ১৯৪২চনৰ ২০ছেপ্টেম্বৰত জাতীয় কংগ্ৰেছৰ মৃত্যু বাহিনীক নেতৃত্ব প্ৰদান কৰি গহপুৰৰ থানাত পতাকা উত্তোলন কৰিব ধৰোঁতেই বৃটিছ পুলিচৰ গুলীত মৃত্যুক সাৱটি লৈছিল কনকলতা বৰুৱাই । পুলিচৰ গুলীত ১৭ বছৰীয়া কনকলতা ঢলি পৰা মাত্ৰকে পতাকাখন আঁজুৰি আনি উত্তোলনৰ দিশে অগ্ৰসৰ হৈ গুলী খাইছিল মুকুন্দ কাকতিয়েও । এই বিৰল মুহূৰ্তটো আগন্তুক গণৰাজ্য দিৱসত উপস্থাপন কৰাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰণালয়ে । কিন্তু অসমৰ প্রতীকপটত এতিয়াও মোহৰ লগোৱা নাই প্ৰতিৰক্ষা মন্ত্ৰণালয়ে । অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী বিমল বৰাই এই সন্দৰ্ভত ইতিমধ্যে যাৱতীয় প্ৰস্তাৱ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিছে ।

    গণৰাজ্য দিৱসত নতুন দিল্লীত প্ৰদৰ্শন হ’বলগীয়া প্রতীকপট সমূহৰ ওপৰত চূড়ান্ত সিদ্ধান্ত লয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ে । প্ৰতিবছৰে প্ৰতি খন ৰাজ্যই সুযোগ নাপায় । এইবাৰ এতিয়ালৈ অসমৰ বেলিকা প্ৰতিৰক্ষা মন্ত্ৰণালয়ে লোৱা নাই চূড়ান্ত সিদ্ধান্ত । বৰাই জনোৱা মতে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰলৈ । ইফালে কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ বিৰল সাহসিকতা আৰু দেশপ্ৰেমৰ কথা এনেদৰে প্ৰদৰ্শনৰ সম্ভাৱনাৰ উমান পাই  উৎফুল্লিত হৈ পৰিছে গহপুৰ, বৰঙাবাৰীবাসী ।

    বৰ্ণিল বুৰঞ্জী ৰাষ্ট্ৰীয় পৰ্যায়ত সততে উপেক্ষিত হোৱাৰ সময়ত ৰাজ্য চৰকাৰৰ এই পদক্ষেপে কনকলতা বৰুৱাৰ সাহসিকতাৰ বৃত্তান্ত স্বাভাৱিকতে সুদৃঢ় কৰিব  । সেয়া হ’বলৈ এতিয়া মাথোঁ অপেক্ষা প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সিদ্ধান্তলৈ ।
    Published by:Manjumoni Borah
    First published: