প্ৰথমবাৰৰ বাবে ধুবুৰী সীমান্তৰ সত্ৰশালত অনুষ্ঠিত হ'ব গণৰাজ্য দিৱস। জিলাৰ কেন্দ্ৰীয় কাৰ্যসূচী এইবাৰ অনুষ্ঠিত হব সত্ৰসাল ভাৰত বাংলাদেশ সীমান্তত।
ইয়াৰেই অংশ হিচাপে চৰকাৰৰ নিৰ্দেশমৰ্মে মঙলবাৰে ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চললৈ গৈ ধুবুৰী জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে ৰাইজৰ মাজত বিভিন্ন চৰকাৰী আঁচনি সন্দৰ্ভত সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে আৰু ৰাইজৰ সৈতে তেওঁলোকৰ সমস্যা আৰু অসুবিধা সন্দৰ্ভত আলোচনা কৰে৷
জিলা উপায়ুক্ত দিবাকৰ নাথ গোলকগঞ্জ উন্নয়ন খণ্ডৰ অধীনৰ লক্ষীমাৰী গাঁও পঞ্চায়ত এলেকাত উপস্থিত হৈ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ কাষতে থকা এঘৰৰ চোতালত স্থানীয় ৰাইজৰ সৈতে এখন সভা অনুষ্ঠিত কৰে৷ তেওঁ ৰাইজক সকলোৱে ৰেচন কাৰ্ড লাভ কৰিছেনে, জলজীৱন মিছনৰ অধীনত ঘৰে ঘৰে নল সংযোগ হৈছেনে, সকলোৰে গৃহত বিদ্যুৎ সংযোগ আৰু ৰন্ধন গেছৰ সংযোগ আছেনে, কেনেধৰণৰ খেতি কৰে, উৎপাদিত ধান চৰকাৰে নিৰ্ধাৰণ কৰা ন্যূনতম সমৰ্থন মূল্যত বিক্ৰী কৰিব পাৰিছেনে, অংগনৱাড়ী কেন্দ্ৰৰ অৱস্থা, গাঁও পঞ্চায়তটোত শিক্ষাৰ সুবিধা, শিশুৰ বাবে খেলা-ধূলাৰ সুবিধা আছেনে নাই, বাল্য বিবাহৰ প্ৰচলন আছে নেকি, ধঁপাত সেৱন কৰে নেকি আদি বিভিন্ন বিষয়ত প্ৰশ্ন সোধে৷ তেওঁ ৰাইজক নিজৰ সন্তানক বিদ্যালয়ত নামভৰ্তি কৰাবলৈ আৰু আধাতে যাতে সন্তানে বিদ্যালয়লৈ যোৱা বন্ধ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনায়৷ পোহনীয়া গৰুক পশুপালন বিভাগে দিয়া টেগ লগাবলৈও জিলা উপায়ুক্তগৰাকীয়ে ৰাইজক কয়৷ সভাত স্থানীয় ৰাইজে বাট-পথৰ সমস্যাকে ধৰি বিভিন্ন সমস্যাৰ বিষয়ে উপায়ুক্তগৰাকীক অৱগত কৰে আৰু তেওঁ ৰাইজৰ সমস্যা সমাধানৰ বাবে পৰ্যায়ক্ৰমে ব্যৱস্থা লোৱা হ'ব বুলি জনায়৷
সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ কাষেৰে যোৱা পথৰ বিকল্প হিচাপে এটা পথৰ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ ৰাইজে আহ্বান জনায়৷ এইক্ষেত্ৰত বাধা হৈ থকা তোৰ্ষা নৈৰ ওপৰত থকা এখন ভঙা দলং জিলা উপায়ুক্তগৰাকীয়ে পৰিদৰ্শন কৰে৷ সভাত গোলকগঞ্জৰ খণ্ড উন্নয়ন বিয়য়া, লক্ষীমাৰী পঞ্চায়তৰ সভাপতি-সম্পাদক প্ৰমুখ্যে শতাধিক লোক উপস্থিত থাকে৷ একেদৰে জিলা উন্নয়ন আয়ুক্ত কান্তা দাসে গৌৰীপুৰ উন্নয়ন খণ্ডৰ অধীনৰ গাছপাৰ গাঁও পঞ্চায়তত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিত গোস্বামীয়ে আগমনি উন্নয়ন খণ্ডৰ অধীনৰ গাঁৱত, অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰীয়ে আগমনি উন্নয়ণ খণ্ডৰ ছেৰনগৰ গাঁও পঞ্চায়তত, অতিৰিক্ত উপায়ুক্ত দৰ্শনা চেতিয়াই গৌৰীপুৰ উন্নয়ন খণ্ডৰ ধৰ্মশালাত সীমান্তবাসী ৰাইজৰ সৈতে মত বিনিময় কৰে৷ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলেও সীমান্তৰ গাঁৱলৈ গৈ ৰাইজৰ সৈতে মত বিনিময় কৰে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|