দেশৰ আন প্ৰান্তৰ সমান্তৰালভাৱে হাইলকান্দি জিলাতো আনুষ্ঠানিকভাৱে পালন কৰা হ'ল গণৰাজ্য দিৱস। কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজতে আড়ম্বৰপূৰ্ণভাৱে আজি জিলাখনত পালন কৰা হয় এই দিৱস।
পুৱা ৯ বজাত হাইলাকান্দিৰ জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত আনুষ্ঠানিক ভাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আবকাৰী, মীন আৰু পৰিবহন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । পতাকা উত্তোলন কৰি মন্ত্ৰী গৰাকীয়ে অসম আৰক্ষী আৰু গৃহৰক্ষী বাহিনীয়ে অংশ লোৱা পেৰেডৰ অভিবাদন গ্ৰহণ কৰে। পতাকা উত্তোলনৰ পিছতে মন্ত্ৰী শুক্লবৈদ্যই দিয়া ভাষণত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ খতিয়ান দাঙি ধৰে।
Published by: Kokil Sarma
FIRST PUBLISHED : January 26, 2023, 12:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।