১ লাখ চাকৰিৰ সপোন কেইটামান মাহৰ ভিতৰত সম্পন্ন কৰিব চৰকাৰে। গণৰাজ্য দিৱসৰ কাৰ্যসূচীত এই ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। অহা বাজেটত যুৱক–যুৱতীক স্বাৱলম্বী কৰাৰ বাবে ৩ হাজাৰ কোটি টকা ধাৰ্য কৰিব চৰকাৰে। ২০২৩ত যুৱ ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত কৰাৰ লক্ষ্যৰ কথাও ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ২৮ জানুৱাৰীত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজি শ্বহীদ হোৱা আৰক্ষীৰ পৰিয়ালৰ লোকক চাকৰি প্ৰদান কৰিব চৰকাৰে।
ইফালে, ৫শ খন হাইস্কুলৰ অত্যাধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ লক্ষ্য লৈছে চৰকাৰে। ৰাজ্যৰ অৰ্থনীতি পূৰ্বতকৈ অধিক শক্তিশালী হৈছে বুলি ভাষণত উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চাৰি বছৰ পূৰ্বে ৭ হাজাৰ ৯ শ ৪৬ কোটি টকা মূলধনী ব্যয় আছিল। বিপৰীতে এই ব্যয় এতিয়া চাৰিগুণ বৃদ্ধি পাইছে। অহা ২৫টা বছৰ দেশৰ লগতে অসমেও শান্তি, প্ৰগতি, দিশত আগবাঢ়িব লাগিব বুলি কয় ড০ শৰ্মাই।
আলফাৰ সৈতে আলোচনা সম্পন্ন হ’লে অসম শান্তিৰ দ্বীপত পৰিণত হ’ব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কাৰোবাৰ দেশপ্ৰেমক মই কষ্ট নিদিও। কিন্তু ২৮ বছৰ আগৰ অসম এতিয়া নাই। সময় পৰিৱৰ্তন হৈছে। আলফাৰ সেনাধিনায়কৰ পৰা শেষজন লোকলৈ এই কথা স্পৰ্শ কৰক। মোৰ বিশ্বাস কেইটামান বছৰ, মাহ পিছত হ’লেও শান্তিৰ শেষ মাইল লাভ কৰিবলৈ সক্ষম হ’ম।’’
আনহাতে, গণৰাজ্য দিৱসৰ দিনটোত মুখ্যমন্ত্ৰীৰ আহ্বান – অসমৰ সামৰ্থ্যবান লোকে একো একোটা অংগণাৱাড়ী কেন্দ্ৰৰ দায়িত্ব লওক। কেন্দ্ৰটোৰ পৰিচালনা, ব্যয় বহন কৰক সমৰ্থবান লোকে। ৰাজ্যৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলক সপ্তাহৰ আটাইকেইটা দিনত নহ’লেও ওচৰৰ এখন বিদ্যালয়ত সপ্তাহৰ অন্তত দুদিন পাঠদান কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ৷
ভাষণত বাল্য বিবাহৰ প্ৰসংগও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। ড০ শৰ্মাই কয়, অহা তিনি বছৰৰ ভিতৰত বাল্য বিবাহ বন্ধ হ’ব লাগিব। বাল্য বিবাহ আৰু বাল্য বিবাহ কৰি সন্তান জন্ম দিবলৈ বাধ্য কৰিলে বিপদ হ’ব। কঠোৰ শাস্তিৰ সন্মুখীন হ’ব পুৰুষজন। এয়া এক সামাজিক যুদ্ধ বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|