আজি ৭৪সংখ্যক গণৰাজ্য দিৱস (Republic Day 2023)। গুৱাহাটীৰ খানাপাৰাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। গণৰাজ্য দিৱসৰ অনুষ্ঠানত ভাষণৰ আৰম্ভণিতে সংবিধান প্ৰণেতাক সোঁৱৰণ কৰে মুখ্যমন্ত্ৰীয়ে। দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনালে হিমন্ত বিশ্ব শৰ্মাই।
নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষতা শব্দ উল্লেখ আছে। আমাৰ ধৰ্মনিৰপেক্ষতাৰ অৰ্থ হৈছে প্ৰতিটো ধৰ্মৰ প্ৰতি সমভাৱ প্ৰদান কৰা। ভাৰত এক ৰাষ্ট্ৰ নহয়, ভাৰত এক সভ্যতা। আহি থকা এটা দশক ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ। বিদেশী আগ্ৰাসনৰ ফলত ভাৰত দুৰ্বল হৈ পৰিছিল, দেশত নৰেন্দ্ৰ মোদীৰ শাসন আৰম্ভ হোৱাৰ পিছত দেশৰ উন্নয়ন আৰম্ভ হৈছিল।
‘‘ডিজিটেল প্ৰযুক্তিয়ে ভাৰতক আগুৱাই নিছে। আমেৰিকা, চীনৰ পিছত বৈজ্ঞানিক ক্ষেত্ৰত ভাৰত হৈ পৰিছে অন্যতম দেশ। কূটনৈতিক ক্ষেত্ৰত ভাৰত যথেষ্ট উত্তৰণ হ’বলৈ সম্ভৱ হৈছে। ৫শ বছৰৰ পিছত ৰাম মন্দিৰ নিৰ্মাণ হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবে অসমৰ বড়োভূমিলৈ শান্তি আহিছে। ২০২২ চনত এটাও গঁড় হত্যা হ’বলৈ নিদিলো।’’ – ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
কাশী, বৃন্দাবনৰ দৰে অসমৰ কামাখ্যাৰ উন্নয়নৰ বাবে ৩শ কোটি টকা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। ছিপাঝাৰৰ ঢলপুৰৰ সমান্তৰালকৈ কাজিৰঙাৰ বুঢ়াচাপৰিত উচ্ছেদৰ কথা ঘোষণা।
আনহাতে, মিছন বসুন্ধৰাই অসমৰ মানুহক ভূমি প্ৰদানত বিশেষ সহায় কৰিব বুলি ভাষণত উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই অসমীয়া মানুহক সুৰক্ষিত কৰিব। এই বছৰৰ ১৪ এপ্ৰিলত বৃহৎ ঢুলীয়া–বিহুৱা লৈ গীণিজ বুক অফ ৰেকৰ্ডছৰ বাবে ব্যৱস্থা কৰিব চৰকাৰে। ৰাজ্যৰ দৰিদ্ৰতা নিৰ্মূলৰ বাবে ২০২৩ চনত বিশেষ আঁচনি গ্ৰহণৰ কথাও উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই।
এই বছৰৰ এপ্ৰিলৰ পৰা বিধবা মহিলাৰ পেঞ্চন ৩০০ টকাৰ পৰিৱৰ্তে ১২শ টকা দিয়াৰ লক্ষ্যৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। একেদৰে দিব্যাংগসকলৰ পেঞ্চন ১২৫০ টকালৈ বৃদ্ধি হ’ব বুলি কয় তেওঁ। ১৯৪০ টকা ব্যয়ত ধান ক্ৰয়ৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। এই বছৰত ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য চৰকাৰৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|