• Home
  • »
  • News
  • »
  • assam
  • »
  • এইবাৰ গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপট হিচাপে থাকিব ৰাজ্যৰ চাহ উদ্যোগ 

এইবাৰ গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপট হিচাপে থাকিব ৰাজ্যৰ চাহ উদ্যোগ 

ফাইল ফটো

ফাইল ফটো

ইবাৰ গণৰাজ্য দিৱসত ইংলেণ্ডৰ প্রধানমন্ত্ৰী বৰিছ জনচনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

  • Share this:
এইবাৰ ২৬ জানুৱাৰীত দিল্লীৰ ৰাজপথ শুৱনি কৰিব অসমৰ চাহ উদ্যোগৰ প্ৰতীকপটে। প্ৰায় দুশ বছৰ পুৰণি অসমৰ চাহ উদ্যোগ আৰু ইয়াৰ লগত জড়িত হৈ থকা লোকসকলৰ কৃষ্টি-সংস্কৃতি গণৰাজ্য দিৱসৰ দিনা বিশ্ববাসীৰ সন্মুখত প্ৰদৰ্শন কৰা হ’ব। প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ এক সূত্ৰই জনোৱা মতে, অসমৰ পৰা প্ৰস্তাৱিত থিমটোক অনুমোদন জনোৱাৰ দিশত পদক্ষেপ গ্ৰহণ কৰা হৈছে। গণৰাজ্য দিৱসৰ দিনা দেশৰ সামৰিক শক্তি প্রদর্শন কৰাৰ লগতে প্ৰতিখন ৰাজ্যৰ একো-একোটা বৈশিষ্ট আটকধুনীয়াকৈ তুলি ধৰা হয় ।

উল্লেখযোগ্য যে, এইবাৰ গণৰাজ্য দিৱসত ইংলেণ্ডৰ প্রধানমন্ত্ৰী বৰিছ জনচনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে ১৯৯৩চনত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী জন মেজৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত আছিল। এইবাৰ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিয়ে ভাৰত আৰু ইংলেণ্ডৰ কূটনৈতিক সম্বন্ধ সুদৃঢ় কৰিব বুলি ৰাজনৈতিক বিশ্লেষক সকলে মন্তব্য কৰিছে ।
Published by:Himangshu Bhuyan
First published: