உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • হঠাৎ ৰাজীৱ ভৱনত মিত্ৰতাৰ উদ্দেশ্যে অখিল গগৈৰ প্ৰতিনিধি, কি কথা পাতিলে ভূপেন বৰাৰ সৈতে?

    হঠাৎ ৰাজীৱ ভৱনত মিত্ৰতাৰ উদ্দেশ্যে অখিল গগৈৰ প্ৰতিনিধি, কি কথা পাতিলে ভূপেন বৰাৰ সৈতে?

    চৰ্ত ৰক্ষা কৰিলে একেলগে কাম কৰাৰ আশ্বাস জাকিৰৰ, অখিলক সহজভাৱে নলয় AIUDF-এ

    চৰ্ত ৰক্ষা কৰিলে একেলগে কাম কৰাৰ আশ্বাস জাকিৰৰ, অখিলক সহজভাৱে নলয় AIUDF-এ

    চৰ্ত ৰক্ষা কৰিলে একেলগে কাম কৰাৰ আশ্বাস জাকিৰৰ, অখিলক সহজভাৱে নলয় AIUDF-এ

    • Share this:

    বুজাত জটিল হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে শেহতীয়াকৈ আৰম্ভ কৰা ৰাজনৈতিক খেলখন ৷ এবাৰ যদি তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীক লগ কৰিবলৈ অখিল গগৈ দৌৰিছে কলকাতালৈ, আনপিনে অখিলৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিছে প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি ভূপেন বৰাক৷


    শুকুৰবাৰে ৰাজীৱ ভৱনত অখিল গগৈৰ ৰাইজৰ দলৰ এটা প্ৰতিনিধিয়ে সাক্ষাৎ কৰে ভূপেন বৰা আৰু কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীক ৷ ইয়াৰ পিছত ৰাইজৰ দলৰ প্ৰতিনিধি অথবা সভাপতি অখিল গগৈৰে দ্বিতীয় পৰ্যায়ত কথা পাতিব প্ৰদেশ কংগ্ৰেছৰ তিনি কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ আৰু কমলাক্ষ দে' পুৰকায়স্থই ৷ এই কথা শনিবাৰে সদৰী কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ৷


    এতিয়া প্ৰশ্ন হয়- উপ–নিৰ্বাচনত একেলগে খেলিব নেকি নিৰ্বাচন? ৰাইজৰ দলৰ সৈতে কি কথা পাতিলে কংগ্ৰেছে?


    জাকিৰ হুছেইন শিকদাৰে ক'লে- “এয়া সৌজন্যমূলক সাক্ষাৎ আছিল দুয়োটা দলৰ ৷ পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে আলোচনা হ'ব দুয়োটা দলৰ ৷ নিশ্চিতকৈ আমি কথা মিলিলে BJP চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে একত্ৰিত হৈ কাম কৰিম ৷ উপ–নিৰ্বাচনত কি কৰিম, সেয়া আজিয়েই কৈ দিব নোৱাৰি ৷”


    এয়া হেনো আৰম্ভণিহে ৷ পৰৱৰ্তী সময়ত সকলো স্পষ্ট হ'ব ৷ মহাজোঁটক লৈ সৃষ্টি হৈ থকা বিৰ্তকৰো অৱসান হ'ব পোন্ধৰ আগষ্টৰ পিছত ৷ জনালে জাকিৰ হুছেইন শিকদাৰে ৷ ইপিনে ৰাইজৰ দলৰ আগমনক আদৰণি জনাইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷


    কিন্তু অখিল গগৈৰ পদক্ষেপক সহজভাৱে লোৱা নাই বদৰুদ্দিন আজমলৰ AIUDFএ৷ AIUDFৰ সোণাই সমষ্টিৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ দাবী- “নিৰ্বাচনৰ পূৰ্বে BJPৰ হৈ কাম কৰিছিল অখিলে ৷ BJPক চৰকাৰ গঠন কৰাত সহায় কৰিছিল অখিল গগৈয়ে ৷ নিৰ্বাচনত BJPক সহায় কৰা অখিলক এতিয়া কিয় লাগে মহাজোঁটক?”


    অখিল গগৈক সহজভাৱে কেতিয়াও নলয় AIUDF–এ ৷ ইপিনে তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীক দ্বিতীয়বাৰৰ বাবে সাক্ষাৎ কৰিবলৈ অখিল গগৈ ৰাওনা হোৱা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ক'লে- “মমতাৰ লগত কথা পাতিলে আপত্তি নাই কংগ্ৰেছৰ ৷ কিন্তু মহাজোঁটৰ ধৰ্ম পালন কৰিব লাগিব ৷ ধৰ্ম নিৰপেক্ষ হ'ব লাগিব আৰু কংগ্ৰেছৰ চৰ্ত পালন কৰিব লাগিব ৷”


    পিছে মহাজোঁটৰ বিগ বাৰ্ডাৰ কংগ্ৰেছে দিয়া চৰ্ত মানি চলিবনে অখিল গগৈয়ে? এয়া এটা উত্তৰ নোহোৱা প্ৰশ্ন ৷

    Published by:Gautam Barman
    First published: