পুনৰ সাংবাদিকক আক্ৰমণৰ ঘটনা, একেদিনাই ২ সাংবাদিকক আক্ৰমণ

একেদিনাই ৰাজ্যত দুই সাংবাদিকৰ ওপৰত আক্ৰমণ। তিনিচুকীয়াত যুৱকৰ আক্ৰমণৰ বলি হ’ল মহিলা সাংবাদিক। সুৰাসক্ত ৪জনীয়া যুৱকৰ দলে আক্ৰমণ কৰিলে NEWS18 অসম North Eastৰ তিনিচুকীয়াৰ সংবাদদাতা উপাসনা বৰুৱা গোস্বামীৰ লগতে উপাসনাৰ স্বামীক।

news18assam
Updated:April 26, 2019, 9:57 AM IST
পুনৰ সাংবাদিকক আক্ৰমণৰ ঘটনা, একেদিনাই ২ সাংবাদিকক আক্ৰমণ
উপাসনা গোস্বামী আৰু স্বামী
news18assam
Updated: April 26, 2019, 9:57 AM IST
একেদিনাই ৰাজ্যত দুই সাংবাদিকৰ ওপৰত আক্ৰমণ। তিনিচুকীয়াত যুৱকৰ আক্ৰমণৰ বলি হ’ল মহিলা সাংবাদিক। সুৰাসক্ত ৪জনীয়া যুৱকৰ দলে আক্ৰমণ কৰিলে NEWS18 অসম North Eastৰ তিনিচুকীয়াৰ সংবাদদাতা উপাসনা বৰুৱা গোস্বামীৰ লগতে উপাসনাৰ স্বামীক। যুৱকৰ আক্ৰমণত আহত সাংবাদিকগৰাকীৰ স্বামী। উল্লেখ্য যে স্বামীৰ সৈতে সাংবাদিকগৰাকী এখন হোটেলত নিশাৰ আহাৰ গ্ৰহণৰ সময়তে কৰে আক্ৰমণ। হোটেলখনৰ স্বত্বাধিকাৰীজনকো প্ৰহাৰ কৰে ৪জনীয়া যুৱকৰ দলটোৱে। আক্ৰমণকাৰী চাৰিওজন যুৱককে ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ জালত প্ৰমোদ গগৈ, প্ৰাগজ্যোতি দাস, ধনঞ্জয় দত্ত আৰু দীপন সোণোৱাল। ইফালে নলবাৰীতো সংঘটিত হয় সাংবাদিক আক্ৰমণৰ ঘটনা। নলবাৰীৰ মুকালমুৱাত এখন বাতৰি কাকতৰ স্থানীয় সংবাদদাতা তথা সদৌ অসম সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি ৰাজেন ডেকাক হত্যাৰ চেষ্টা। নিশা চোকা অস্ত্ৰৰে আক্ৰমণ কৰি দুৰ্বৃত্তই মুমূৰ্ষু অৱস্থাত পেলাই থৈ যায় ৰাজেন ডেকাক। গুৰুতৰভাৱে আহত ৰাজেন ডেকাই নিশাই সংকটজনক অৱস্থাত গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

আৰু চাওক পৰৱৰ্তী বাতৰি