৮ মাহ উকলি গ’ল, অসম চৰকাৰে অসম চুক্তিৰ ছয় নং দফা কমিটীৰ প্ৰতিবেদন প্ৰেৰণ কৰাই নাই কেন্দ্ৰীয় চৰকাৰলৈ

News18 Assam | News18-Assam
Updated:September 16, 2020, 12:33 PM IST
৮ মাহ উকলি গ’ল, অসম চৰকাৰে অসম চুক্তিৰ ছয় নং দফা কমিটীৰ প্ৰতিবেদন প্ৰেৰণ কৰাই নাই কেন্দ্ৰীয় চৰকাৰলৈ
বুধবাৰে ৰাজ্যসভাত এই কথা পোহৰলৈ আহে।

বুধবাৰে ৰাজ্যসভাত এই কথা পোহৰলৈ আহে।

  • News18 Assam
  • Last Updated: September 16, 2020, 12:33 PM IST
  • Share this:
কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে গঠন কৰি দিয়া অসম চুক্তিৰ ছয় নং দফা কমিটীয়ে প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰাৰ প্ৰায় ৮ মাহ উকলি গ’ল। কিন্তু এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা নাই অসম চৰকাৰে। বৰ্তমানো অসম চৰকাৰৰ নিৰীক্ষণতে আছে প্ৰতিবেদন। বুধবাৰে ৰাজ্যসভাত এই কথা পোহৰলৈ আহে।

বুধবাৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যসভাৰ সদস্য সম্ভাজী চত্ৰপতিৰ লিখিত প্ৰশ্নৰ উত্তৰত এই কথা সদৰী কৰে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে।



অসম চুক্তিৰ ছয় নং দফাৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ হাতত দাখিল কৰাৰ সন্দৰ্ভত লিখিত প্ৰশ্ন কৰিছিল সাংসদ সম্ভাজী চত্ৰপতিয়ে। সাংসদ গৰাকীয়ে প্ৰশ্ন কৰিছিল যে,

১. কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া কমিটীয়ে ৬ নং দফা কাৰ্যকৰীকৰণৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিলনে?

২. কমিটীয়ে কি কি পৰামৰ্শ দিলে?

৩. চৰকাৰে প্ৰতিবেদন পৰীক্ষা বা পৰামৰ্শ সমূহ গ্ৰহণ কৰিবলৈ কিমান সময় ল’ব?

৪.নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰা হৈছে নেকি?

এই সমূহ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে কয় যে,

‘কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ কমিটীয়ে অসম চৰকাৰৰ হাতত অসম চুক্তিৰ ছয় নং দফাৰ প্ৰতিবেদন দাখিল কৰিলে। বৰ্তমান প্ৰতিবেদন অসম চৰকাৰৰ নিৰীক্ষণতে আছে।’
Published by: Himangshu Bhuyan
First published: September 16, 2020, 12:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading