உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • HS Final Exam: পৰীক্ষাৰ ফলাফল নিৰ্ণয়ৰ বাবে সাজু উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ প্ৰতিবেদন, কি কি আছে প্ৰতিবেদত?

    HS Final Exam: পৰীক্ষাৰ ফলাফল নিৰ্ণয়ৰ বাবে সাজু উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ প্ৰতিবেদন, কি কি আছে প্ৰতিবেদত?

    দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ গোট পৰীক্ষাই নিৰ্ণয় কৰিব দ্বাদশৰ ফলাফল ৷ 

    দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ গোট পৰীক্ষাই নিৰ্ণয় কৰিব দ্বাদশৰ ফলাফল ৷ 

    দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ গোট পৰীক্ষাই নিৰ্ণয় কৰিব দ্বাদশৰ ফলাফল ৷ 

    • Share this:

    উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল নিৰ্ণয়ৰ ৰূপৰেখা হ'ব দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ গোট পৰীক্ষা ৷ তিনি পৰীক্ষাৰ ফলাফলৰ ভিত্তিত নিৰ্ণয় হ'ব দ্বাদশ শ্ৰেণীৰ প্ৰাৰ্থীৰ ফলাফল ৷ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ উচ্চ ক্ষমতাসম্পন্ন কমিটীয়ে ইতিমধ্যে সম্পন্ন কৰিছে এই সম্পৰ্কীয় প্ৰতিবেদন ৷ ৮ পৃষ্ঠাজোৰা বিশেষ প্ৰতিবেদন শুকুৰবাৰে কমিটীয়ে দাখিল কৰিব ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ হাতত ৷ বহিঃৰাজ্যৰ শিক্ষা বোৰ্ডৰ পদ্ধতি, CBSEকে ধৰি বহু শিক্ষাবিদৰ পৰামৰ্শৰ ভিত্তিত প্ৰস্তুত কৰা প্ৰতিবেদন কলা, বিজ্ঞান আৰু বাণিজ্য, তিনি শাখাৰ বাবে সুকীয়া হ'ব মূল্যাংকন ব্যৱস্থা ৷ NIPৰ বাবেও গ্ৰহণ কৰিছে বিশেষ পৰামৰ্শ ৷


    অকল এয়াই নহয়, উচ্চ ক্ষমতাসম্পন্ন কমিটীয়ে আগবঢ়োৱা প্ৰতিবেদনত সন্তুষ্ট নোহোৱা পৰীক্ষাৰ্থীয়ে বহিব পাৰিব পৰীক্ষাত ৷ অৱশ্যে ইযাৰ বাবে পৰিৱেশ পৰিস্থিতি স্বাভাৱিক হ'ব লাগিব ৷ তিনি শাখাত প্ৰথম দহটা স্থান থকা নথকা সিদ্ধান্ত ৰাজ্য চৰকাৰলৈ আগবঢ়াইছে পৰামৰ্শ সমিতিয়ে ৷ স্থান প্ৰকাশৰ সপক্ষে বা বিপক্ষে যুক্তিও দিয়া হৈছে পৰামৰ্শ সমিতিৰ প্ৰতিবেদনত ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰলৈ আগবঢ়োৱা এই প্ৰতিবেদনে স্বাভাৱিকতে নিৰ্ণয় কৰিব পৰীক্ষাৰ্থীৰ উৰ্ত্তীৰ্ণৰ হাৰ ৷ কিমান প্ৰাৰ্থী এই নিৰ্ধাৰিত পদ্ধতিত ফলাফল দেখুৱাবলৈ সক্ষম হয়, সেয়া সময়ে নিৰ্ণয় কৰিব ।

    Published by:Gautam Barman
    First published: