সুচল হৈছে নিউ হাফলং বদৰপুৰ পাহাৰীয়া ৰেলপথ। আজি বদৰপুৰৰ পৰা নিউ হাফলং লৈ পৰীক্ষামূলক ভাৱে ৰোলিং কৰে।
উল্লেখনীয় যে লামডিং-বদৰপুৰ পাহাৰীয়া ৰে'লপথত (Badarpur to New Haflong Railway Line) যোৱা ১৪ মে' তাৰিখৰ পৰা বন্ধ আছে ৰে'ল চলাচল। ভূমিস্খলনৰ কাৰণে ৰে'লপথ ধ্বংসস্তূপত পৰিণত হৈছিল। নিউ হাফলং বদৰপুৰ সুচল হৈছে যদিও নিউ হাফলং আৰু মাইবাঙৰ মাজত অলপ সময় লাগিব।
আচলতে নিউ হাফলং আৰু জাতিংগা লাম্পুৰৰ মাজৰ দুটা ঠাই ক্ৰমে ১০৮ কিঃমিঃ আৰু ১০৪ কিঃমিঃ ৰে'লপথক লৈ কৰ্তৃপক্ষ অসুবিধাত পৰিছিল।
কিন্তু শেহতীয়াকৈ পাহাৰৰ সামগ্ৰিক বতৰৰ উন্নতি হোৱাৰ উপৰি বৃষ্টিপাত বন্ধ হোৱাত ৰে'ল নিৰ্মাণৰ কাম আগ বাঢ়ে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|