মুখ্যপৃষ্ঠা »খবৰ »অসম »ভাড়াঘৰৰ মালিকৰ চূড়ান্ত অসভ্যালি, কোৰোণাৰ বিৰুদ্ধে দিনে নিশাই যুঁজি থকা অতিৰিক্ত উপায়ুক্তক ঘৰ খালী কৰাৰ নিৰ্দেশ

ভাড়াঘৰৰ মালিকৰ চূড়ান্ত অসভ্যালি, কোৰোণাৰ বিৰুদ্ধে দিনে নিশাই যুঁজি থকা অতিৰিক্ত উপায়ুক্তক ঘৰ খালী কৰাৰ নিৰ্দেশ

বিপদত পৰিছে অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা আৰু তেওঁৰ পৰিয়াল।

বিপদত পৰিছে অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা আৰু তেওঁৰ পৰিয়াল।

বিপদত পৰিছে অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা আৰু তেওঁৰ পৰিয়াল।

  • Share this:
কোৰোণা যোদ্ধাসকলক আজি দেশজুৰি বায়ু সেনাই পুষ্পবৃষ্টিৰে অভিবাদন জনালে। কিন্তু সেইসময়তে বঙাইগাঁৱত বিপদত পৰিছে অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা আৰু তেওঁৰ পৰিয়াল। কোৰোণা সংক্ৰমণ হোৱাৰ ভয়ত দিনে নিশাই কোৰোণাৰ বিৰুদ্ধে যুঁজি থকা  অতিৰিক্ত উপায়ুক্তজনক ভাৰাঘৰ খালী কৰাৰ নিৰ্দেশ দিলে মালিকে।

ভাৰাঘৰৰ মালিক অৱসৰপ্ৰাপ্ত প্ৰশাসনীক বিষয়া ৰোহিনী চৌধুৰী আৰু তেওঁৰ পত্নী  ডায়েটৰ প্ৰবক্তা বিপাশা চৌধুৰীয়ে ঘৰ খালী নকৰাত অতিৰিক্ত উপায়ক্তগৰাকীৰ পৰিয়ালক দুব্যৱহাৰ কৰাৰো অভিযোগ উঠিছে ৷

ঘৰৰ মালিক ৰোহিনী চৌধুৰী আৰু তেওঁৰ পত্নী বিপাশা চৌধুৰী


কৰ্তব্যৰ খাতিৰত বিভিন্ন স্থানলৈ যাবলগীয়া হোৱা অনুপম ডেকাই দেহত কোৰোণা কঢ়িয়াই আনিব বুলি শংকিত হৈ পৰিয়াটোক কটু মন্তব্য কৰি আহিছিল ঘৰৰ মালিকে। আনকি মালিকৰ আপত্তিৰ বাবেই যোৱা তিনিদিন ধৰি হোটেলতে নিশা কটাইছে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে।

শনিবাৰে নিজৰ কণমাণি সন্তানক এবাৰ চোৱাৰ বাবে উপস্থিত হৈছিল যদিও ঘৰৰ মালিক চৌধুৰীৰ কটু মন্তব্য শুনি গেটৰ পৰা উভতিবলগীয়া হ’ল অনুপম ডেকা ৷ আনকি দেওবাৰে  সাত আৰু ডেৰ বছৰীয়া সন্তানক লৈ ওলাই যাবলৈ পৰিয়ালটোক মালিকে নিৰ্দেশ দিয়ে ৷

এতিয়া ঘটনা সন্দৰ্ভত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

শেহতীয়া বাতৰি