অসমৰ বলিষ্ঠ অভিনেতা প্ৰাণজিত্ দাস আৰু নাই। আজি পুৱা প্ৰায় ১০ বজাত গুৱাহাটীৰ মেট্ৰ' হাস্পতালত চিকিত্সাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। অভিনেতা প্ৰাণজিত্ দাসৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী অতি জনপ্ৰিয় অভিনেতা ৰূপে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল।
উল্লেখ্য, দাসে কেইদিনমান পূৰ্বে সূৰ্য থিয়েটাৰৰ ‘পৰশুনাথৰ প্ৰেয়সী’ শীৰ্ষক নাটকখন মঞ্চস্থ কৰি থকাৰ সময়তে অসুস্থ হৈ পৰে। মঞ্চত অভিনয় কৰি থাকোঁতে ঢলি পৰিছিল তেওঁ।
অভিনেতাগৰাকীক লগে লগে হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। পিছত উন্নত চিকিৎসাৰ বাবে শিল্পীগৰাকীক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল আৰু মেট্ৰো হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছিল।
ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত অভিনেতাগৰাকীয়ে অৱশেষত মৃত্যুক আঁকোৱালি লয়। দাসৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতখনে গভীৰ শোক প্ৰকাশ কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|