‘পাঁচটা ইনজেকশ্যন দিম, কোৰোণাত আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিব’-ডাঃ ধনীৰাম বৰুৱাৰ হাতত কোৰোণা ভাইৰাছৰ প্ৰতিষেধক!

News18 Assam | News18-Assam
Updated:May 3, 2020, 4:18 PM IST
‘পাঁচটা ইনজেকশ্যন দিম, কোৰোণাত আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিব’-ডাঃ ধনীৰাম বৰুৱাৰ হাতত কোৰোণা ভাইৰাছৰ প্ৰতিষেধক!
কেনেকৈ কোৰোণা ৰোগীক কৰিব আৰোগ্য?

কেনেকৈ কোৰোণা ৰোগীক কৰিব আৰোগ্য?

  • Share this:
সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কোৰোণা ভাইৰাছৰ প্ৰতিষেধন আবিষ্কাৰৰ বাবে এতিয়া সমগ্ৰ বিশ্বৰ চিকিত্‍সা বিজ্ঞানীসকলে প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু এই পৰ্যন্ত কোৰোণা ভাইৰাছৰ ভেকছিন বা ঔষধ আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই  কোনো।

চীনৰ য়ুহান প্ৰদেশৰ পৰা আৰম্ভ হোৱা কোৰোণা মহাব্যাধিৰ মহাসংক্ৰমণৰ এই পৰ্যন্ত নাই কোনো চিকিৎসা ৷ এনে সময়তে প্ৰখ্যাত চিকিৎসা বিজ্ঞানী ডাঃ ধনীৰাম বৰুৱাই তেওঁৰ হাতত কোৰোণা ভাইৰাছৰ প্ৰতিষেধক আছে বুলি কৰিছে দাবী।

News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অসম সন্তান প্ৰখ্যাত চিকিৎসক ডাঃ ধনীৰাম বৰুৱাই ক'লে- ‘কোৰোণা প্ৰতিৰোধ কৰাটো কি ডাঙৰ কথা? মোক দিয়ক ৷ মই ঠিক কৰি দিম ৷ HIV এইডছৰ প্ৰতিষেধক মই উলিয়াইছো ৷ একেধৰণৰে ভাইৰাছ কোৰোণা ৷ মোৰ বাবে অসাধ্য নহয় কোৰোণাক প্ৰতিহত কৰাৰ ৷ মই পাৰিম ৷ পাঁচটা ইনজেকশ্যন দিম আৰু কোৰোণা ৰোগীয়ে আৰোগ্য লাভ কৰিব ৷ এই পৃথিৱীত একো অসাধ্য নাই।’

উল্লেখ্য যে, News18এ ধনীৰাম বৰুৱাই দাবী কৰা চিকিৎসাৰ সফলতা নিজাববীয়াকৈ নিশ্চিত নকৰে। এই সন্দৰ্ভত ICMR ৰ তত্বাৱধানত গৱেষণা আৰু সিদ্ধান্তৰ অপেক্ষা।
First published: May 3, 2020, 4:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading