• Home
  • »
  • News
  • »
  • assam
  • »
  • কাজিৰঙাৰ সমীপৰ Elephant Corridorৰ পৰা সকলো অবৈধ নিৰ্মাণ উচ্ছেদ কৰক : উচ্চতম ন্যায়ালয়ৰ অসম চৰকাৰলৈ নিৰ্দেশ 

কাজিৰঙাৰ সমীপৰ Elephant Corridorৰ পৰা সকলো অবৈধ নিৰ্মাণ উচ্ছেদ কৰক : উচ্চতম ন্যায়ালয়ৰ অসম চৰকাৰলৈ নিৰ্দেশ 

মন্দিৰ, হোটেল, চাহ বাগিচা আদি গঢ় লৈ উঠিছিল কাজিৰঙাৰ সমীপৰ ৯টা চিহ্নিত Elephant Corridorত।

মন্দিৰ, হোটেল, চাহ বাগিচা আদি গঢ় লৈ উঠিছিল কাজিৰঙাৰ সমীপৰ ৯টা চিহ্নিত Elephant Corridorত।

মন্দিৰ, হোটেল, চাহ বাগিচা আদি গঢ় লৈ উঠিছিল কাজিৰঙাৰ সমীপৰ ৯টা চিহ্নিত Elephant Corridorত।

  • Share this:
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ হাতীৰ দণ্ডিকেইটাত অবৈধভাৱে গঢ় লৈ উঠা মন্দিৰ, হোটেল, ৰেষ্টুৰেণ্ট আনকি চৰকাৰী ঘৰ অনতিপলমে ভাঙি পেলোৱাৰ নির্দেশ দিছে দেশৰ উচ্চতম ন্যায়ালয়ে। সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰা গঠিত কমিটী Central Empowered Committeeয়ে যোৱা ৬ অক্টোবৰ তাৰিখে অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱালৈ এক পত্ৰ প্ৰেৰণ কৰি এই নির্দেশ প্ৰদান কৰে। CECৰ সদস্য সচিব অমৰনাথ শেট্টিৰ স্বাক্ষৰিত পত্ৰখনত চাৰি সপ্তাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰাৰ প্রতিবেদনো (Action Taken Report) দাখিল কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০১৯চনৰ ১২ এপ্রিলতে হাতীৰ দণ্ডিসমূহ জনবসতি মুক্ত কৰিবলৈ নিৰ্দেশ দিছিল।

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ে যোৱা ছেপ্টেম্বৰত দণ্ডিসমূহত অবৈধভাৱে বহু বাণিজ্যিক প্ৰতিষ্ঠানৰ গৃহ আৰু চৰকাৰী ঘৰ নিৰ্মাণ হোৱাৰ বিষয়টো কমিটীক দৃষ্টিগোচৰ কৰিছিল। সকলোতকৈ অধিক অবৈধ নিৰ্মাণ হালধিবাৰী আৰু কাঞ্চনজুৰিত পৰিলক্ষিত হৈছিল।
পত্ৰখনত বন বিভাগ, জিলা প্ৰশাসন আৰু আৰক্ষীক এনে অবৈধ নিৰ্মাণৰ কাৰণে দোষাৰোপ কৰা হৈছে। এই তিনি বিভাগৰ মাজত সমন্বয়ৰ অভাৱৰ ফলতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা হ’বলৈ পাইছে বুলি পত্ৰত স্পষ্টভাৱে উল্লেখ কৰা হৈছে।

উল্লেখযোগ্য যে এনে কৰিড’ৰ বনাঞ্চলৰ লগতে ৰাজহ চক্ৰৰ ভূমিতো পৰে; সেয়ে বন বিভাগে নিজাববীয়াকৈ উচ্ছেদ অভিযান চলাব নোৱাৰে।
Published by:Sanjay Kumar Das
First published: