• Home
  • »
  • News
  • »
  • assam
  • »
  • Remembering Bir Lachit in Africa : বিদেশৰ মাটিত বীৰ লাচিতক স্মৰণ, আফ্ৰিকা মহাদেশৰ তাঞ্জানিয়াত লাচিত দিৱস উদযাপন 

Remembering Bir Lachit in Africa : বিদেশৰ মাটিত বীৰ লাচিতক স্মৰণ, আফ্ৰিকা মহাদেশৰ তাঞ্জানিয়াত লাচিত দিৱস উদযাপন 

অনুষ্ঠানত ভাৰতীয় উচ্চায়ুক্ত বিনয়া শ্ৰীকান্ত প্ৰধানে লাচিত বৰফুকনৰ বীৰত্বৰ বিষয়ে সাৰগৰ্ভ ভাষণ দিয়ে।

অনুষ্ঠানত ভাৰতীয় উচ্চায়ুক্ত বিনয়া শ্ৰীকান্ত প্ৰধানে লাচিত বৰফুকনৰ বীৰত্বৰ বিষয়ে সাৰগৰ্ভ ভাষণ দিয়ে।

অনুষ্ঠানত ভাৰতীয় উচ্চায়ুক্ত বিনয়া শ্ৰীকান্ত প্ৰধানে লাচিত বৰফুকনৰ বীৰত্বৰ বিষয়ে সাৰগৰ্ভ ভাষণ দিয়ে।

  • Share this:

মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী দেশৰ লগতে বিদেশতো উদযাপিত হয়। আফ্ৰিকা মহাদেশৰ তাঞ্জানিয়াত বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰ আৰু ভাৰতীয় উচ্চ আয়োগৰ উদ্যোগত অসমৰ মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী (Birth Anniversary Of Veer Lachit Borphukan) উদযাপন কৰা হয়।


এই অনুষ্ঠানত ভাৰতীয় উচ্চায়ুক্ত বিনয়া শ্ৰীকান্ত প্ৰধানে লাচিত বৰফুকনৰ বীৰত্বৰ বিষয়ে সাৰগৰ্ভ ভাষণ দিয়ে। অনুষ্ঠানত বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সদস্যৰ লগতে তাঞ্জানিয়াত থকা ভাৰতীয় উচ্চ আয়োগৰ বিষয়ববীয়া আৰু প্ৰৱাসী অসমীয়া লোকসকলে অংশগ্ৰহণ কৰে।


আনহাতে বীৰ লাচিতক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰোৱাৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয় তাঞ্জানিয়া উচ্চ আয়োগত কৰ্মৰত অসম সন্তান অনন্ত দত্তই।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি