• Home
  • »
  • News
  • »
  • assam
  • »
  • নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত ধৰ্মীয় গুৰু শ্ৰী শ্ৰী ৰবি শংকৰ

নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত ধৰ্মীয় গুৰু শ্ৰী শ্ৰী ৰবি শংকৰ

শংকৰদেৱে পাঁচশ বছৰৰ পূৰ্বে দেখুৱাই যোৱা আদৰ্শ অনুকৰণ কৰিলেই সুখী জীৱনৰ পথ লাভ কৰিব পাৰি- গুৰু ৰবিশংকৰ

শংকৰদেৱে পাঁচশ বছৰৰ পূৰ্বে দেখুৱাই যোৱা আদৰ্শ অনুকৰণ কৰিলেই সুখী জীৱনৰ পথ লাভ কৰিব পাৰি- গুৰু ৰবিশংকৰ

শংকৰদেৱে পাঁচশ বছৰৰ পূৰ্বে দেখুৱাই যোৱা আদৰ্শ অনুকৰণ কৰিলেই সুখী জীৱনৰ পথ লাভ কৰিব পাৰি- গুৰু ৰবিশংকৰ

  • Share this:
দেশৰ বিশিষ্ট আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবিশংকৰে নুমলীগড় শোধনাগাৰ পৰিদৰ্শন কৰি ইয়াৰ নগৰাঞ্চলত আয়োজিত এক কাৰ্যসূচীত অংশ লয়। ৰাজ্য চৰকাৰে কাজিৰঙাত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা চিন্তন শিবিৰত অংশ লোৱাৰ উদ্দেশ্যেৰে শনিবাৰে বিয়লি নুমলীগড়ত উপস্থিত হয় আধ্যাত্মিক গুৰুজন। চৰকাৰৰ ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজেৰে যোৰহাট বিমান বন্দৰৰ পৰা নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চললৈ অহা ৰবি শংকৰক শোধনাগাৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকনৰ লগতে শোধনাগাৰতোৰ উচ্চ পদস্থ বিষয়াসকলে উষ্ম আদৰণি জনায়।

আধ্যাত্মিক গুৰুগৰাকীয়ে নগৰাঞ্চলৰ কুঞ্জবনত অনুষ্ঠিত "আৰ্ট অৱ লিভিঙ"ৰ কাৰ্যসূচীত অংশ লয়। অনুষ্ঠানটোত অংশ লৈ গুৰুগৰাকীয়ে কয়- "শংকৰদেৱে পাঁচশ বছৰৰ পূৰ্বে দেখুৱাই যোৱা আদৰ্শ অনুকৰণ কৰিলেই সুখী জীৱনৰ পথ লাভ কৰিব পাৰি। আধ্যাত্মিক চিন্তা আৰু দৈনন্দিন জীৱনত প্ৰতিগৰাকী ব্যক্তিয়ে কৰা ধ্যানে জীৱনক প্ৰশান্তি প্ৰদান কৰে। গতিকে প্ৰতিগৰাকী ব্যক্তিয়ে দৈনিক কিছুসময়ৰ বাবে ধ্যানত মগ্ন হৈ সুস্থ জীৱনৰ গৰাকী হ'ব পাৰে।"

উল্লেখ্য যে, এই কাৰ্যসূচীত কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি