টেলিকম ৰেগুলেটৰী অথৰিটী অৱ ইণ্ডিয়াই শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি অসমৰ সৰ্বাধিক ব্যৱহৃত নেটৱৰ্ক সেৱা হিচাপে আকৌ এবাৰ পৰিগণিত গৈছে ৰিলায়েন্স জিঅ’। ধাৰাবাহিক ভাবে অসমত গ্ৰহকৰ সংখ্যাৰ লগতে মাৰ্কেট শ্বেয়াৰৰ ক্ষেত্ৰত শীৰ্ষস্থান অক্ষুন্ন ৰাখিছে ৰিলায়েন্স জিঅ’ই।
কোৰোণাৰ এই ভয়াৱহতাৰ মাজতো অসমত ৰিলায়েন্স জিঅ’ ব্যৱহাৰ কৰি আছে ৮৩.৪৯ লাখতকৈও অধিক গ্ৰাহকে । সেইদৰে ২০২০ৰ প্ৰথমটো ত্ৰিমাসিকত অসমত ৰিলায়েন্স জিঅ’ৰ মাৰ্কেট শ্বেয়াৰ হ’ল ৪৫.৫ শতাংশ।
যিসময়ত ৰিলায়েন্স জিঅ’ৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাইছে, তাৰ সমান্তৰালকৈ হ্ৰাস পাইছে এয়াৰটেল আৰু ভোডাফোনৰ গ্ৰাহকৰ সংখ্যা। এপ্ৰিল-মে’ মাহত প্ৰায় ১.৩৮ লাখ গ্ৰাহক হ্ৰাস পালে এয়াৰটেলৰ। সেইদৰে ভোডাফোনে হেৰুৱালে প্ৰায় ৬.৫ লাখ গ্ৰাহক।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|