RIL Q4 profit more than doubles: দুগুণ লাভ, ব্যৱসায়ত নতুন ৰেকৰ্ড গঢ়িলে Reliance Industries-এ

News18 Assam | News18-Assam
Updated:May 1, 2021, 3:16 PM IST
RIL Q4 profit more than doubles: দুগুণ লাভ, ব্যৱসায়ত নতুন ৰেকৰ্ড গঢ়িলে Reliance Industries-এ
তেলৰ লগতে কেমিকেল ব্যৱসায়ত (O2C) ত ২০.৬ শতাংশ উন্নতি হৈছে।

তেলৰ লগতে কেমিকেল ব্যৱসায়ত (O2C) ত ২০.৬ শতাংশ উন্নতি হৈছে।

  • Share this:
Reliance Industries-এ এপ্ৰিলৰ ৩০ তাৰিখে তেওঁলোকৰ ব্যৱসায়ত হোৱা লাভৰ বিষয়ে সবিশেষ জনাইছে। জনাইছে যে, ২০২১ৰ মাৰ্চৰ কোৱাৰ্টাৰ এণ্ডত ১০৮.৪ শতাংশ YoY উন্নতি হৈছে Jio অর্থাৎ ৰিটেইল বিভাগত। এইসময়ছোৱাত এই শিতানত লাভ হৈছে ১৪ হাজাৰ ৯৯৫ কোটি টকা।

২০২০ৰ ল'কডাউনৰ সময়ত ৬,৩৪৮ কোটি টকাৰ লাভ হৈছিল। এই সময়ছোৱাত Consolidated revenue আহিছে ১,৫৪,৮৯৬ কোটি, যি ১১ শতাংশ বৃদ্ধি পাইছে। যাৰ অনুক্ৰমিক বৃদ্ধি হৈছে ২৪.৯ শতাংশ।

ইয়াৰ লগতে কোম্পানীৰ চেয়াৰমেন মুকেশ আম্বানীয়ে জনাইছে যে, 'এয়া ভাৰতৰ আটাইতকৈ কঠিন সময়। আমাৰ সকলোৰে প্ৰধান দায়িত্ব হ'ল দেশবাসীক সহায় কৰা। আমি সকলো ধৰণৰ চেষ্টা কৰিছো দেশে এনে পৰিস্থিতিক অতিক্ৰম কৰাত।' তেওঁ লগতে কয় যে, 'আমাৰ O2C বা ৰিটেইল চেগমেণ্টত ভাল উন্নতি হৈছে।'

তেলৰ লগতে কেমিকেল ব্যৱসায়ত (O2C) ত ২০.৬ শতাংশ উন্নতি হৈছে। যি প্ৰায় ১,০১,০৮০ কোটি টকা। ফেব্ৰুৱাৰীত মুকেশ আম্বানীয়ে জনাইছিল Reliance O2C Limited মালিকানাধীন কোম্পানী। O2C ব্যৱসায়ৰ মাজত আছে refining & marketing and petrochemical ব্যৱসায়। প্ৰোমোটাৰ গ্ৰুপে ৪৯.১৪ শতাংশ মালিকানাধীন ৰাখিছে। বাকী পাব্লিক শ্বেয়াৰহোল্ডাৰৰ মালিকানাধীন। ৰিলায়েন্সে জনাইছে যে, EBITDA কোৱাৰ্টাৰলী পৰিমাণ ২৬,৬০২ কোটি টকা। যি ১.৯ শতাংশ বেছি। QoQ বা কেচ প্ৰফিট ২২,৭৪৬ কোটি। যি ৬.৫ শতাংশ বৃদ্ধি পাইছে।

২০২০-২১ বিত্তীয় বৰ্ষত তেওঁলোকে ৫৩,৭৩৯ কোটি টকা লাভ হোৱাৰ কথা ঘোষণা কৰিছে।জিঅ প্লেটফৰ্মৰ পৰাও হৈছে লাভ । এই শিতানত ৪৭.৫ শতাংশ লাভ হৈছে। ৰেভিনিউ ১৮,২৭৮ কোটি টকা। ১৮.৯ শতাংশ গ্ৰুথ দেখা গৈছে অন্য বছৰৰ তুলনাত।
Published by: Himangshu Bhuyan
First published: May 1, 2021, 3:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি