ৰাজ্যলৈ ১০ হাজাৰ PPE কিট আগবঢ়ালে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজে, মুকেশ আম্বানীক ধন্যবাদ জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

News18 Assam | News18-Assam
Updated:April 13, 2020, 2:15 PM IST
ৰাজ্যলৈ ১০ হাজাৰ PPE কিট আগবঢ়ালে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজে, মুকেশ আম্বানীক ধন্যবাদ জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
মুকেশ আম্বানীক ধন্যবাদ জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মুকেশ আম্বানীক ধন্যবাদ জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

  • Share this:
এতিয়া সৰ্বত্ৰ কোৰোণা ভাইৰাছৰ সন্ত্ৰাস। অসমতো এতিয়া লৈকে ৩০ জনৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছৰ সন্ত্ৰাস। কোৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ এতিয়া দেশৰ বিভিন্ন ক্ষেত্ৰৰ লোকে চৰকাৰৰ ঘৰলৈ আগ‍বঢ়াইছে সহায়ৰ হাত। কোৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ অসমলৈ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজে আগবঢ়ালে দহ হাজাৰ পি পি ই কিট। সোমবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধন্যবাদ জনাই ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীক।

মন্ত্ৰী শৰ্মাই কয়  যে, ‘ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজে দহ হাজাৰ PPE Kit আমালৈ  যোগান ধৰিছে, যোগান ধৰা পিপিই কিট বহু উন্নত মানদণ্ডৰ। মুকেশ আম্বানী ডাঙৰীয়াক ধন্যবাদ জনাইছো।’
Published by: Himangshu Bhuyan
First published: April 13, 2020, 2:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি