உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • PMAY: যোৰহাটৰ কাছাৰি ময়দানত ৫ লাখ হিতাধিকাৰীলৈ গৃহ নিৰ্মাণৰ পুঁজি মুকলি

    PMAY: যোৰহাটৰ কাছাৰি ময়দানত ৫ লাখ হিতাধিকাৰীলৈ গৃহ নিৰ্মাণৰ পুঁজি মুকলি

    পিএমএৱাই আঁচনিৰ অনিয়মৰ খবৰ দিবলৈ ৰাইজৰ বাবে মুকলি কৰিব ফোন নম্বৰ

    পিএমএৱাই আঁচনিৰ অনিয়মৰ খবৰ দিবলৈ ৰাইজৰ বাবে মুকলি কৰিব ফোন নম্বৰ

    পিএমএৱাই আঁচনিৰ অনিয়মৰ খবৰ দিবলৈ ৰাইজৰ বাবে মুকলি কৰিব ফোন নম্বৰ

    • Share this:
    যোৰহাট কাছাৰি ময়দানত বৃহস্পতিবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা আয়োজন কৰা এক বৃহৎ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং (Union Minister Giriraj Singh)  উপস্থিত থাকি অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত পাঁচ লাখ হিতাধিকাৰীলৈ গৃহ আবণ্টন আৰু পুঁজি প্ৰদান আনুষ্ঠানিকভাৱে মুকলি কৰে।

    কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে নতুনকৈ ১২ লাখ পিএমএৱাই গৃহৰ আবণ্টনত অনুমোদন জনোৱাৰ কথা উল্লেখ কৰি এই গৃহ নিৰ্মাণত কোনো চৰকাৰী বিষয়া-কৰ্মচাৰীক ঘোচ নাখাবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সতৰ্ক কৰি দিয়ে।

    প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ (Pradhan Mantri Awas Yojana (Gramin)) অধীনত যোৰহাট জিলাত প্ৰায় ১২ হাজাৰ হিতাধিকাৰীক গৃহ আবণ্টন দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰে নতুনকৈ অসমৰ ১২ লাখ লোকক পিএমএৱাই গৃহ আবণ্টনৰ মঞ্জুৰি দিছে। প্ৰথম পৰ্যায়ত সমগ্ৰ অসমতে আবণ্টন দিয়া পাঁচ লাখ দহ হাজাৰ হিতাধিকাৰীক একোটা গৃহ নিৰ্মাণৰ বাবে ১ লাখ ৩০ হাজাৰ টকাকৈ দিয়া হ'ব।

    ইয়াৰে প্ৰথম কিস্তিত ৩২,৫০০ টকা, দ্বিতীয় কিস্তিত ৪৮,৭৫০ টকা আৰু তৃতীয় কিস্তিত ৪৮,৭৫০ টকা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে হিতাধিকাৰীসকলক এমজিএনৰেগাৰ অধীনত দৈনিক ২২৯ টকা মঞ্জুৰি হিচাপে ৯৫ দিনত ২১,৭৫৫ টকাৰ মঞ্জুৰি প্ৰদান কৰা হ'ব।

    যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ উপস্থিতিত বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তি ১,৬৫৭ কোটি টকা মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিছে দুৰ্নীতি ৰোধ কৰাত

    এই আঁচনি ৰূপায়ণত মুখ্যমন্ত্ৰীগৰাকীয়ে (CM Himanta Biswa Sarma) সৰ্বাধিক গুৰুত্ব দিছে দুৰ্নীতি ৰোধ কৰাত। কোনো চৰকাৰী বিষয়া-কৰ্মচাৰীক এই গৃহ নিৰ্মাণ প্ৰক্ৰিয়াত এটকাও ঘোচ নিদিবলৈ হিতাধিকাৰীসকলক মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে। আনহাতে টকা খোৱাৰ বিষয়ে জানিব পাৰিলে তেনে বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হ'ব বুলি সতৰ্ক কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

    এই সন্দৰ্ভত কোনো লোকে ধন দাবী কৰিলে স্থানীয় বিধায়ক, জিলা উপায়ুক্তক অৱগত কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায়। প্ৰয়োজন হ'লে তেনে তথ্য থাকিলে মুখ্যমন্ত্ৰীগৰাকীকো টুইটাৰ বা ফেচবুকৰ জৰিয়তে অৱগত কৰিবলৈ ৰাইজক আহ্বান জনায়। ইয়াৰ লগতে ধনী তথা পকীঘৰ থকা লোকে পিএমএৱাই গৃহ লাভ কৰাৰ তথ্য লাভ কৰিলে তেনে ঘৰৰ আবণ্টন বাতিল কৰাই নহয়, তেনে লোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।

    "এনেবোৰ তথ্য সংগ্ৰহ কৰিবৰ বাবে অচিৰেই আমি এটা মোবাইল নম্বৰ মুকলি কৰিম। য'ত তেনে লোকৰ তথ্য থাকিলে ৰাইজে ফোন কৰি আমাক জনাব পাৰিব। এই চৰকাৰী গৃহ লাভ কৰা প্ৰক্ৰিয়াত মই কাকো এটকাও ঘোচ খাবলৈ নিদিওঁ।" -মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাইজলৈ এনেদৰে আহ্বান জনায় ।

    যোৰহাটত (Jorhat) চাৰি হাজাৰ চাহ বাগিচাৰ শ্ৰমিকে এনে গৃহ লাভ কৰিছে। চাহ বাগিচাৰ মালিকে এনে শ্ৰমিকক এনঅ'চি প্ৰদানত পলম কৰিলে মুখ্যমন্ত্ৰী হিচাবে তেওঁ এনঅ'চি প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। ২০২৪ চনৰ মাৰ্চ মাহৰ পূৰ্বে এই আঁচনিৰ অধীনত গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই গৃহসমূহত চৰকাৰৰ বাকী আঁচনিসমূহৰ জৰিয়তে শৌচালয় নিৰ্মাণ , বিদ্যুৎ সংযোগ প্ৰদান, পানী যোগান ইত্যাদি সুবিধা প্ৰদানৰ পৰিকল্পনা কৰা হৈছে।

    হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিগত এবছৰৰ সময়ছোৱাত অসমত ১ লাখ ২৮ হাজাৰ ৩৯৮টা প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ ) গৃহ নিৰ্মাণ কৰা হৈছে। এই আঁচনি  ৰূপায়ণ কৰা সফলতাৰ হাৰেৰে দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে অসম । যোৰহাটৰ পৰা আৰম্ভ কৰা এই পদক্ষেপৰ জৰিয়তে অসমৰ সফলতাৰ হাৰ বৃদ্ধি হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী ৰঞ্জিত দাসে।
    Published by:Gautam Barman
    First published: