আজি ৰাজ্যজুৰি প্ৰকাশ কৰা হৈছে খচৰা ভোটাৰ তালিকা ৷ বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়তো আজি জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে বৰপেটা জিলাৰ ৬টা বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে।
আজি প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাত মুঠ ১১ লাখ ৬০ হাজাৰ ২শ ৮০গৰাকী ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছে ৷ ইয়াৰে ৫ লাখ ৬৩ হাজাৰ ৩শ ৭৮গৰাকী মহিলা ভোটাৰৰ বিপৰীতে পুৰুষ ভোটাৰৰ সংখ্যা ৫ লাখ ৯৬ হাজাৰ ৯শ ২গৰাকী ৷
জিলা উপায়ুক্তই জনোৱা মতে, অহা ৩০ নৱেম্বৰলৈকে ৰাজ্যবাসীয়ে ভোটাৰ তালিকাত নতুনকৈ নিজৰ নাম অন্তৰ্ভুক্তি আৰু ভোটাৰ তালিকাত থকা ভোটাৰৰ নাম বা আন যিকোনো তথ্য শুদ্ধি বা আসোঁৱাহ দূৰ কৰিব পাৰিব ৷ গণতন্ত্ৰৰ সঠিক ৰূপায়ণৰ বাবে ১৮ বছৰৰ সকলো লোককে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ আহ্বান জনাইছে জিলা উপায়ুক্তগৰাকীয়ে ৷
ইপিনে বৰপেটা জিলাত প্ৰথম পালি ক'ভিড ভেকচিন প্ৰদান প্ৰায় সম্পূৰ্ণ হোৱা বুলি সদৰী কৰি দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে উপায়ুক্তই ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|