• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘আছিল অত্যন্ত জাতি প্ৰেম, NRCৰ বাটকটীয়াও আছিল তৰুণ গগৈ’- তৰুণ গগৈৰ কথা সোঁৱৰি আৱেগিক হৈ পৰিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘আছিল অত্যন্ত জাতি প্ৰেম, NRCৰ বাটকটীয়াও আছিল তৰুণ গগৈ’- তৰুণ গগৈৰ কথা সোঁৱৰি আৱেগিক হৈ পৰিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আজি সম্পন্ন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া। ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰায় সম্পূৰ্ণ কৰিছে সকলো আগতীয়া প্ৰস্তুতি।

আজি সম্পন্ন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া। ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰায় সম্পূৰ্ণ কৰিছে সকলো আগতীয়া প্ৰস্তুতি।

আজি সম্পন্ন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া। ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰায় সম্পূৰ্ণ কৰিছে সকলো আগতীয়া প্ৰস্তুতি।

  • Share this:
আজি সম্পন্ন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া। ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰায় সম্পূৰ্ণ কৰিছে সকলো আগতীয়া প্ৰস্তুতি। মহানগৰৰ নৱগ্ৰহ শ্মশানত সম্পন্ন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য। অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ বাবে এতিয়া মহানগৰবাসীৰ পৰা সহযোগিতা বিচাৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে পাৰ কৰা বহু মুহূৰ্তৰ কথা সোঁৱৰি আৱেগিক হৈ পৰিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘১৯৯৬ চনৰ পৰা ২০১২ লৈকে একেবাৰে কাষৰ পৰা পাইছিলো তৰুণ গগৈক। প্ৰতিদিনে প্ৰায় ৬, ৫ ঘণ্টা সময় একেবাৰে কাষৰ পৰা পোৱাৰ সৌভাগ্য হৈছিল।’

হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, ‘প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আছিল জাতিৰটোৰ প্ৰতি অত্যন্ত ভালপোৱা। জাতিটোৰ প্ৰতি কিবা এটা কৰি থৈ যোৱাতো তেওঁ মনে প্ৰাণে বিচাৰিছিল। NRC উন্নিতকৰণত বাটকটীয়া আছিল তৰুণ গগৈ। NRC প্ৰস্তুতৰ বাবে আছিল আগ্ৰহী। সেইদৰে উচ্চতম ন্যায়ালয়ে  IMDT আইন বাতিলৰ পিছত ৰিভিউ পিটিচন বিচৰা নাছিল গগৈয়ে। সেই সময়ত তৰুণ গগৈক বহুতো হেঁচা প্ৰয়োগ কৰা হৈছিল যদিও, নিজৰ স্থিতিত অটল আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।’

সেইদৰে অসমৰ অৰ্থনীতি শক্তিশালী কৰা, উন্নয়ন মুখী যাত্ৰা, স্বাস্থ্য-শিক্ষাখণ্ডৰ উন্নয়ন, ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰা আদি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শাসন কালৰ অন্যতম সফলতা আছিল বুলি জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by:Himangshu Bhuyan
First published: