মুখ্যপৃষ্ঠা »খবৰ »অসম »একেলগে চাইকেল চলালে ৰেকিবুদ্দিন আহমেদ আৰু পীয়ূষ হাজৰিকাই, বিজেপিত যোগ দিয়াৰ অংক নেকি?

একেলগে চাইকেল চলালে ৰেকিবুদ্দিন আহমেদ আৰু পীয়ূষ হাজৰিকাই, বিজেপিত যোগ দিয়াৰ অংক নেকি?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থাকোঁতে  বিসম্বাদৰ সময়ত ছাঁটোৰ দৰে লাগি আছিল এই দুগৰাকী বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু পীয়ূষ হাজৰিকা।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থাকোঁতে বিসম্বাদৰ সময়ত ছাঁটোৰ দৰে লাগি আছিল এই দুগৰাকী বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু পীয়ূষ হাজৰিকা।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থাকোঁতে বিসম্বাদৰ সময়ত ছাঁটোৰ দৰে লাগি আছিল এই দুগৰাকী বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু পীয়ূষ হাজৰিকা।

  • Share this:

দিছপুৰত সন্ধিয়া একেলগে চাইকেল চলাই শাৰীৰিক অনুশীলন কৰিলে দুই ভিন্ন দলৰ দুজন জনপ্ৰতিনিধিয়ে। এসময়ত দুয়ো দাদা ব্ৰিগেডৰ সদস্য আছিল। কংগ্ৰেছত থাকোঁতে দুয়োজন নেতাই সুকীয়া সময়ত যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি আছিল, পৰৱৰ্তী সময়ত দুয়োগৰাকী নেতাই মুকলিকৈ সমৰ্থন দিছিল দাদা ড০ হিমন্ত বিশ্ব শৰ্মাক। হয় ছয়গাঁও বিধানসভা সমষ্টিৰ তিনিবাৰৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু জাগীৰোড বিধানসভা সমষ্টিৰ বিধায়ক তথা জলসম্পদ আৰু জনসংযোগ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ কথা কোৱা হৈছে।


ৰেকিবুদ্দিন আহমেদ আৰু পীয়ূষ হাজৰিকাই প্ৰায়ে সন্ধিয়া দিছপুৰৰ বিধায়ক আৱাস প্ৰকল্পত চাইকেল চলাই বা খোজকাঢ়ি শাৰীৰিক অনুশীলন চলায়। শুকুৰবাৰে সন্ধিয়াও ব্যতিক্ৰম নাছিল। দুয়োগৰাকী যুৱ ৰাজনৈতিক নেতাই দিছপুৰতে একেলগে চাইকেল চলালে বহু সময়। সেয়ে ৰাজনৈতিক নেতা বাবেই দুয়োগৰাকী নেতাই কিছু ৰাজনীতিৰো কথা পাতিলে। যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে পীয়ূষ হাজৰিকাতকৈ ৰেকিবুদ্দিন আহমেদ ছিনিয়ৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থাকোঁতে যেতিয়া বিসম্বাদ কৰিছিল, তেতিয়া ছাঁ টোৰ দৰে লাগি আছিল এই দুগৰাকী বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু পীয়ূষ হাজৰিকা। পৰৱৰ্তী সময়ত সেইসময়ৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰোঁতে পীয়ূষ হাজৰিকায়ো ত্যাগ কৰিছিল কংগ্ৰেছ। তেতিয়া ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ থাকিলে কংগ্ৰেছত।


২০১৬ চনত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিজেপিত যোগ দিয়া পীয়ূষ হাজৰিকাই বিগত  কাৰ্যকালত স্বাস্থ্য ৰাজ্যিক মন্ত্ৰী আছিল আৰু এইবাৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী সভাত জলসম্পদ আৰু জনসংযোগ বিভাগৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব লাভ কৰে। একালৰ একেটা দলৰ দুই সতীৰ্থ সম্প্ৰতি শাসক–বিৰোধী দলৰ বিধায়ক হ'লেও দুয়োৰে মাজত আছে মধুৰ সম্পৰ্ক।উল্লেখযোগ্য যে ৰেকিবুদ্দিন আহমেদে ছয়গাঁও সমষ্টিৰ পৰা ২০১১, ২০১৬ আৰু ২০২১ চনৰ বিধান সভা নিৰ্বাচনত জয়লাভ কৰাৰ দৰেই পীয়ূষ হাজৰিকাই ২০১১ চনত ৰহা সমষ্টিৰ পৰা আৰু পৰৱৰ্তী ২০১৬ আৰু ২০২১ চনত জাগীৰোড সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়। বিধায়ক ৰেকিবুদ্দিন আহমেদে নিউজ–১৮ক জনোৱা মতে, তেওঁ কেতিয়াও কংগ্ৰেছ দল ত্যাগ নকৰে।

শেহতীয়া বাতৰি