আঞ্চলিকতাবাদৰ পোছাক খুলি গেৰুৱা বসন পিন্ধিবলৈ সাজু জ্যেষ্ঠ অগপ নেত্ৰী!

বিজেপিৰ প্ৰতি এতিয়া আকৃষ্ট হৈছে ৰাজ্যৰ ভালেসংখ্যক ৰাজনৈতিক নেতা!

News18-Assam
Updated:August 19, 2019, 10:32 PM IST
আঞ্চলিকতাবাদৰ পোছাক খুলি গেৰুৱা বসন পিন্ধিবলৈ সাজু জ্যেষ্ঠ অগপ নেত্ৰী!
বিজেপিৰ প্ৰতি এতিয়া আকৃষ্ট হৈছে ৰাজ্যৰ ভালেসংখ্যক ৰাজনৈতিক নেতা!
News18-Assam
Updated: August 19, 2019, 10:32 PM IST
বিজেপিৰ প্ৰতি এতিয়া আকৃষ্ট হৈছে ৰাজ্যৰ ভালেসংখ্যক ৰাজনৈতিক নেতা। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতা, প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ লগতে বহু সংখ্যক জ্যেষ্ঠ কংগ্ৰেছী  কৰ্মীয়ে বিজেপিত যোগদান কৰাৰ পিছত এইবাৰ আঞ্চলিকতাবাদক বিসৰ্জন দি গেৰুৱা বসন পৰিধান কৰিবলৈ সাজু হৈছে জ্যেষ্ঠ অগপ নেত্ৰী ৰেখাৰাণী দাস বড়ো।



২১ আগষ্টত আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ চৰকাৰৰ সময়ৰ মন্ত্ৰীগৰাকীয়ে যোগ দিব বিজেপিত।দীৰ্ঘদিন ধৰি সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি থকা বড়োৱে অসম গণ পৰিষদৰ  কেইবাগৰাকীও মহিলা নেত্ৰীৰ সৈতে যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টীত।
আৰু চাওক পৰৱৰ্তী বাতৰি