உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Municipal Election: মনোনয়নপত্ৰ পূৰণত বিসংগতি, ঢেকীয়াজুলিত ৬ প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ নাকচ, সহজ জয় বিজেপি প্ৰাৰ্থীৰ

    Assam Municipal Election: মনোনয়নপত্ৰ পূৰণত বিসংগতি, ঢেকীয়াজুলিত ৬ প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ নাকচ, সহজ জয় বিজেপি প্ৰাৰ্থীৰ

    ঢেকীয়াজুলিত বিজেপিক ৱাক অভাৰ দিলে নেকি কংগ্ৰেছে?

    ঢেকীয়াজুলিত বিজেপিক ৱাক অভাৰ দিলে নেকি কংগ্ৰেছে?

    ঢেকীয়াজুলিত বিজেপিক ৱাক অভাৰ দিলে নেকি কংগ্ৰেছে?

    • Share this:
    শহপৌৰ সভা নিৰ্বাচনৰ যুঁজখন ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে৷ বিৰোধী কংগ্ৰেছে কিছু পৌৰসভাত শাসকীয় বিজেপিক ৱাক অভাৰ দিয়াৰ দৰে হৈছে৷ ঢেকীয়াজুলি পৌৰসভাত কংগ্ৰেছৰ তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়নপত্ৰ নাকচ হোৱাত একপ্ৰকাৰে বিজেপিক ৱাক অভাৰ দিয়াৰ দৰেই হৈছে৷

    ঢেকীয়াজুলি পৌৰসভাত ভাৰতীয় জনতা পাৰ্টীৰ সাত নম্বৰ ৱাৰ্ডৰ মনোনীত প্ৰাৰ্থী তুলিকা শইকীয়া বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় ৷ আজি সম্পন্ন হোৱা মনোনয়নপত্ৰ পৰীক্ষাৰ সময়ত সাত নম্বৰ ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়নপত্ৰ নাকচ হোৱাত সাত নম্বৰ ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থীগৰাকী বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় (6 candidates nomination papers rejected at Dhekiajuli)  ৷

    উল্লেখ্য যে আজি ঢেকীয়াজুলি পৌৰসভাত মনোনয়নপত্ৰ পৰীক্ষা সম্পন্ন কৰা হয় ৷ মনোনয়নপত্ৰ পৰীক্ষাৰ সময়ত ঢেকীয়াজুলি পৌৰসভাত কংগ্ৰেছৰ তিনিগৰাকী মনোনীত প্ৰাৰ্থীসহ মুঠ ছজন প্ৰাৰ্থীৰ মনোনয়নপত্ৰ নাকচ কৰা হয়। মনোনয়নপত্ৰ পূৰণত বিসংগতিৰ বাবেই প্ৰাৰ্থীকেইগৰাকীৰ মনোনয়নপত্ৰ নাকচ কৰা হয়।

    কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ক্ৰমে তিনি নম্বৰ ৱাৰ্ডৰ সঞ্জয় শৰ্মা, চাৰি নম্বৰ ৱাৰ্ডৰ তুলতুল সেনগুপ্ত আৰু সাত নম্বৰ ৱাৰ্ডৰ নীলাক্ষি শৰ্মাৰ মনোনয়নপত্ৰ নাকচ কৰা হয় ৷ সাত নম্বৰ ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থী নীলাক্ষি শৰ্মাৰ মনোনয়নপত্ৰ নাকচ হোৱাৰ লগে লগে এই ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী তুলিকা শইকীয়া বিনাপ্ৰতিদ্বন্দ্বিতাৰে পৌৰসভালৈ নিৰ্বাচিত হৈছে ।

    দহ নম্বৰ ৱাৰ্ডৰ অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী ধীৰা কলিতাৰ মনোনয়নপত্ৰ নাকচ কৰা হয় ৷ দুই নম্বৰ ৱাৰ্ডৰ দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে প্ৰভাকৰ শুক্লা আৰু ইমৰাণ শ্বেখৰ মনোনয়নপত্ৰ নাকচ কৰা হৈছে ৷ এই প্ৰাৰ্থীকেইজনৰ মনোনয়নপত্ৰ নাকচ হোৱাৰ লগে লগে ঢেকীয়াজুলি পৌৰসভাত বিজেপিয়ে ৯ টা ৱাৰ্ডত, কংগ্ৰেছে সাতটা ৱাৰ্ডত, অসম জাতীয় পৰিষদে এটা ৱাৰ্ডত নিৰ্বাচনী যুঁজত থাকিব ৷

    ঢেকীয়াজুলি পৌৰসভাৰ (Municipal Election) বিজেপিৰ প্ৰাৰ্থীসকল ক্ৰমে এক নম্বৰ ৱাৰ্ডত ত্ৰিদীপ নাথ, দুই নম্বৰ ৱাৰ্ডত ৰঞ্জিতা জয়ছোৱাল, তিনি নম্বৰ ৱাৰ্ডত অশোক দত্ত, চাৰি নম্বৰ ৱাৰ্ডত পূজা চক্ৰৱৰ্তী, পাঁচ নম্বৰ ৱাৰ্ডত লিপিকাসাহা, ছয় নম্বৰ ৱাৰ্ডত সুস্মিতা দাস, আঠ নম্বৰ ৱাৰ্ডত তপন দাস, ন নম্বৰ ৱাৰ্ডত ধ্ৰুৱৰঞ্জন সৰকাৰ আৰু দহ নম্বৰ ৱাৰ্ডত অঞ্জু দেৱী ৷

    কংগ্ৰেছৰ প্ৰাৰ্থীসকল হ’ল এক নম্বৰ ৱাৰ্ডত সমৰ নাথ, দুই নম্বৰ ৱাৰ্ডত কৃষ্ণ ৰাউত, পাঁচ নম্বৰ ৱাৰ্ডত কাকলি দে' , ছয় নম্বৰ ৱাৰ্ডত সুনন্দ মালো দাস, আঠ নম্বৰ ৱাৰ্ডত জনাৰ্দন বৰা, ৯ নম্বৰ ৱাৰ্ডত হেমেন্দ্ৰ দাস আৰু ১০ নম্বৰ ৱাৰ্ডত শক্তিৰাণী দাস ৷ অসম জাতীয় পৰিষদৰ হৈ একমাত্ৰ প্ৰাৰ্থী হৈছে ১ নম্বৰ ৱাৰ্ডত অংকু ডেকা ৷ ইপিনে তিনি নম্বৰ ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী হৈছে নৰেন্দ্ৰ মিশ্ৰ ৷ চাৰি নম্বৰ ৱাৰ্ডৰ দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হৈছে সুবৰ্ণ দাস আৰু দীপশিখা পাল ৷ অৱসৰপ্ৰাপ্ত বেংক বিষয়া ধ্ৰুৱ কুমাৰ বৰাই ৮ নম্বৰ ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত নামিছে ৷
    Published by:Gautam Barman
    First published: