உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'তাইক মোলৈ বিয়া নিদিয়ালৈকে আন্দোলন চলি থাকিব'- হাতত প্লে কাৰ্ডলৈ প্ৰেমিকাৰ ঘৰৰ সমুখত প্ৰেমিকৰ অনশন

    'তাইক মোলৈ বিয়া নিদিয়ালৈকে আন্দোলন চলি থাকিব'- হাতত প্লে কাৰ্ডলৈ প্ৰেমিকাৰ ঘৰৰ সমুখত প্ৰেমিকৰ অনশন

    অদ্ভুত দাবীৰে শনিবাৰে মানকাচৰৰ যুৱকজনে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মহেন্দ্ৰগঞ্জত আন্দোলন কৰে।

    অদ্ভুত দাবীৰে শনিবাৰে মানকাচৰৰ যুৱকজনে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মহেন্দ্ৰগঞ্জত আন্দোলন কৰে।

    অদ্ভুত দাবীৰে শনিবাৰে মানকাচৰৰ যুৱকজনে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মহেন্দ্ৰগঞ্জত আন্দোলন কৰে।

    • Share this:
    'পাৰুৱেও দেৱদাসক ভাল পোৱা নাছিল। সেইবুলি দেৱদাসে পাৰুক ভাল নাপাইছিল নেকি?  যিমান দিনলৈ জীয়াই আছো সিমান দিনলৈ মই তাইক ভাল পাই যাম। তাইক মোলৈ বিয়া নিদিয়ালৈ মোৰ আন্দোলন চলি থাকিব।'- প্ৰেম প্ৰত্যাখান কৰা যুৱতীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদত বহিল এজন যুৱক। চুবুৰীয়া ৰাজ্য মেঘালয়ত থকা প্ৰেমিকাৰ ঘৰৰ বাহিৰত অনশনত বহা মানকাচৰৰ প্ৰেমিকজনক অৱশেষত আটক কৰে আৰক্ষীয়ে।

    এই অদ্ভুত দাবীৰে শনিবাৰে মানকাচৰৰ যুৱকজনে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মহেন্দ্ৰগঞ্জত আন্দোলন কৰে। মানকাচৰৰ বাপ্পা ঘোষ নামৰ যুৱক জনৰ দাবী, বিগত প্ৰায় ৬ মাহ ধৰি মহেন্দ্ৰগঞ্জৰ যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক হৈছে। প্ৰথমে ঘৰৰ পৰা বিয়া দিয়াৰ কথা আছিল যদিও বৰ্তমান বিয়া নিদিয়ে বুলি জানিব পাৰি যুৱকজনে এইদৰে প্ৰতিবাদত নামিল।'

    পিছত ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজ অৱগত হোৱাৰ পিছত যুৱকজনৰ ওচৰত বহুলোকে ভিৰ কৰে। লগতে প্ৰেমিকাৰ ঘৰৰ লোক ওলাই আহি প্ৰতিবাদৰ পৰা উঠি যাবলৈ কোৱাৰ লগতে আৰক্ষীৰ ভয় দেখুৱাই যুৱকজনক। ইতিমধ্যে বাপ্পা ঘোষক মহেন্দ্ৰগঞ্জ আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে।
    Published by:Himangshu Bhuyan
    First published: