உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ১ জানুৱাৰীৰ পৰা নিয়মীয়াকৈ আৰম্ভ হ’ব বিদ্যালয়ত পাঠদান, পিছে মানিব লাগিব এইসমূহ নিয়ম

    ১ জানুৱাৰীৰ পৰা নিয়মীয়াকৈ আৰম্ভ হ’ব বিদ্যালয়ত পাঠদান, পিছে মানিব লাগিব এইসমূহ নিয়ম

    ফাইল ফটো

    ফাইল ফটো

    কেতিয়াৰ পৰা ৰাজ্যৰ বিদ্যালয় সমূহত নিয়মিয়াকৈ আৰম্ভ হ’ব পাঠদান? এই লৈ উত্‍কণ্ঠা অব্যাহত আছিল ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকৰ মাজত।

    • Share this:
    কেতিয়াৰ পৰা ৰাজ্যৰ বিদ্যালয় সমূহত নিয়মিয়াকৈ আৰম্ভ হ’ব পাঠদান? এই লৈ উত্‍কণ্ঠা অব্যাহত আছিল ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকৰ মাজত। তাৰ মাজতে সোমবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয় খোলাৰ সন্দৰ্ভত কৰিলে স্পষ্ট ঘোষণা।

    অহা ১ জানুৱাৰীৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত নিয়মীয়াকৈ আৰম্ভ হ’ব পাঠদান। বৰ্তমান যিখিনি নীতি-নিয়মৰ মাজেৰে বিদ্যালয়ত পাঠদান অব্যাহত আছে, সেয়া অহা ১ জানুৱাৰীৰ পৰা নাথাকিব। প্ৰতিদিনাই হ’ব পাঠদান। কিন্তু তাৰ মাজতে মানিব লাগিব সামাজিক দুৰত্ব, চেনিটাইজাৰ ব্যৱহাৰৰ লগতে সকলো ধৰণৰ কোভিড প্ৰট’কল।

    সোমবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰী ড০ শৰ্মাই হাইমাদ্ৰাছা আৰু সংস্কৃত টোল শিক্ষা বন্ধ কৰাৰ কথাও উল্লেখ কৰে। শিক্ষা ব্যৱস্থাক ধৰ্ম নিৰপেক্ষ কৰি তুলিবলৈ আগন্তুক অসম বিধানসভা অধিৱেশনত বহু কেইটা সিদ্ধান্ত লোৱা হ’ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।
    Published by:Himangshu Bhuyan
    First published: