নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যৰ বহুকেইখন জিলা বানৰ কবলত থকাৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ বহু অঞ্চল কৃত্ৰিম বানত বুৰ গৈ আছে। তাৰ মাজতেই ৰাজ্যৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত প্ৰবল বৰষুণ অব্যাহত থকাৰ সময়তে পুনৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ (Regional Meteorological Centre in Borjhar) বতৰ বিজ্ঞানীয়ে বৰষুণক লৈ দিছে সতৰ্কবাণী।
পুনৰ আগন্তুক ৫ দিনলৈ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু কিছু ঠাইত আহিব প্ৰবল বৰষুণ। অহা ২৪ ঘণ্টাৰ ভিতৰত অসমৰ কিছু কিছু ঠাইত প্ৰবল বৃষ্টিপাত হোৱাৰ আশংকা আছে। ঠিক তেনেদৰে উত্তৰ-পূৰ্বাঞ্চলৰ (North East) ৰাজ্যৰ কিছু কিছু ঠাইত হ'ব প্ৰবল বৰষুণ।
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, সাগৰ পৃষ্ঠৰ পৰা উৎপত্তি হোৱা ধুমুহাৰ ফলত আজিৰে পৰা অহা ২২ মে'লৈ অসম, মেঘালয়ৰ (Meghalaya) লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইখন ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ উপৰি কিছু ঠাইত পাতলীয়া বৰষুণ আৰু বিজুলী ধেৰেকনি হোৱাৰ আশংকা আছে।