মুখ্যপৃষ্ঠা » খবৰ

» অসম

»শিলত অংকন লালকিল্লা, ইণ্ডিয়া গেট, তাজমহল– অসম বুক অৱ ৰেকৰ্ডছত স্থান লাভ তামুলপুৰৰ যুৱকৰ

শিলত অংকন লালকিল্লা, ইণ্ডিয়া গেট, তাজমহল– অসম বুক অৱ ৰেকৰ্ডছত স্থান লাভ তামুলপুৰৰ যুৱকৰ

News18 Assam | News18-Assam
Updated:July 21, 2021, 8:06 PM IST
শিলত অংকন লালকিল্লা, ইণ্ডিয়া গেট, তাজমহল– অসম বুক অৱ ৰেকৰ্ডছত স্থান লাভ তামুলপুৰৰ যুৱকৰ
শিলত কৃষুৱে জাতিৰ পিতা মহাত্মা গান্ধী,  জৱাহৰলাল নেহৰু, শ্বহীদ ভগত সিঙৰ চিত্ৰও অংকন কৰিছে।

শিলত কৃষুৱে জাতিৰ পিতা মহাত্মা গান্ধী,  জৱাহৰলাল নেহৰু, শ্বহীদ ভগত সিঙৰ চিত্ৰও অংকন কৰিছে।

  • Share this:

নিজ চিত্ৰকৰ্মৰ জৰিয়তে অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল তামুলপুৰৰ এজন ছাত্ৰই৷ তামুলপুৰ মহকুমাৰ গেৰুৱাৰ এইগৰাকী ছাত্ৰৰ নাম কৃষু ৰামচিয়াৰী ৷ ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে সকলো বন্ধ থকাত তামুলপুৰ মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ কৃষু ৰামচিয়াৰীয়ে এই বছৰৰ জুন মাহত আলিবাটৰ পৰা শিল বুটলি আনি  লালকিল্লা, ইণ্ডিয়া গেট, তাজমহল, যন্তৰ–মন্তৰ, লটাছ টেম্পল, কুটুবমিনাৰ শিলত অংকন কৰি অসম বুক অৱ ৰেকৰ্ডছলৈ প্ৰেৰণ কৰি এই সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷


সৰুৰে পৰা কৃষু  আসক্ত আছিল চিত্ৰশিল্পৰ প্ৰতি ৷ ছবি আঁকি ভালপোৱা কৃষু ৰামচিয়াৰীয়ে লালকিল্লা, ইণ্ডিয়া গেট আদিৰ চিত্ৰ  শিলত ১৫ মিনিটৰ পৰা ৩০ মিনিটৰ ভিতৰত অংকন কৰি এই সন্মান লাভ কৰিবলৈ সক্ষম হয়। মেধাৱী ছাত্ৰ কৃষু ৰামচিয়াৰীয়ে জানিবলৈ দিয়া অনুসৰি তেওঁৰ এই  শিল্পকৰ্মৰ তথ্য অসম বুক অৱ ৰেকৰ্ডছলৈ প্ৰেৰণ কৰাত বিভাগটোৱে তেওঁৰ শিল্পকলাক স্বীকৃতি প্ৰদান কৰে ৷


নিজৰ নাম এনেদৰে অসম বুক অৱ ৰেকৰ্ডছত লিপিবদ্ধ কৰিবলৈ পাই উৎসাহিত হোৱা কৃষুৰ ভৱিষ্যতে ইণ্ডিয়া বুকছ অৱ ৰেকৰ্ডত নিজৰ নাম লিপিৱদ্ধ কৰিবলৈ পৰিকল্পনা কৰা বুলি জানিবলৈ দিয়ে ৷ কৃষু ৰামচিয়াৰীয়ে শিলত এইসমূহ চিত্ৰ অংকন কৰাৰ লগতে চাহপাত আৰু গছৰ পাততো চিত্ৰ অংকন কৰি ইতিমধ্যে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।



কৃৃষুুৱে এই সমূূূহ চিত্ৰ অংকন কৰাৰ লগতে চাহপাতেৰে বড়ো জনগোষ্ঠীৰ উপেন্দ্ৰ নাথ ব্ৰহ্ম আৰু গছৰ পাতত বিভিন্ন চিত্ৰ অংকন কৰিছে‌। ইতিমধ্যে শিলত কৃষুৱে জাতিৰ পিতা মহাত্মা গান্ধী,  জৱাহৰলাল নেহৰু, শ্বহীদ ভগত সিং,অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিত্ৰও অংকন কৰিছে। সম্প্ৰতি নতুন সৃষ্টিত মনোনিৱেশ কৰি থকা কৃষুৰ  ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ  ইচ্ছা ৷

Published by: Gautam Barman
First published: July 21, 2021, 6:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি