বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / স্বাস্থ্য বিভাগত অবৈধ নিযুক্তি, বৰ্খাস্ত হোৱাৰ দিশে শতাধিক

স্বাস্থ্য বিভাগত অবৈধ নিযুক্তি, বৰ্খাস্ত হোৱাৰ দিশে শতাধিক

স্বাস্থ্য বিভাগত অবৈধ নিযুক্তি, বৰ্খাস্ত হোৱাৰ দিশে শতাধিক

২১৩ গৰাকীৰ ভিতৰত কিমান গৰাকী ভুৱা কৰ্মচাৰী আছে সেয়া এই পৰ্যন্ত ৰাজহুৱা কৰা নাই যদিও ইয়াৰ ভিতৰত শতাধিক কৰ্মচাৰী সাক্ষাৎকাৰ অবিহনে কেৱল ভুৱা বদলিকৰণ পত্ৰ দেখুৱাই যে নিযুক্তি লাভ কৰিছিল সেয়া নিশ্চিত বুলি এক উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিছে ।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

শিৱসাগৰ, ২২ এপ্ৰিল: শিৱসাগৰ আৰু চৰাইদেউ জিলাত স্বাস্থ্য বিভাগত অবৈধভাৱে নিযুক্তি লাভ কৰা শতাধিক কৰ্মচাৰীক অচিৰেই বৰ্খাস্ত কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । স্বাস্থ্য বিভাগৰ উৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি অবিভক্ত শিৱসাগৰ জিলাত গঠন কৰি দিয়া তিনিজনীয়া তদন্ত কমিটীয়ে জিলা দুখনত কৰ্মৰত ভেকচিনেটৰ, হেল্থ এডুকেটৰ, লেপ’চি, এল ডি এ, ইউ ডি এ, লেবৰটেৰী টেকনিচিয়ান আদি পদত কৰ্মৰত কৰ্মচাৰীসকলৰ নথি-পত্ৰ পৰীক্ষা কৰি ইতিমধ্যে উৰ্ধ্বতম কৰ্তৃপক্ষ তথা স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে ।

বিজ্ঞাপন

মুঠ ২১৩ গৰাকী কৰ্মচাৰীৰ নথি-পত্ৰ গুৱাহাটীস্থিত উৰ্ধ্বতম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে । এই কথা সদৰী কৰিছে শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা: ভূপেন্দ্ৰ কুমাৰ দাসে । ২১৩ গৰাকীৰ ভিতৰত কিমান গৰাকী ভুৱা কৰ্মচাৰী আছে সেয়া এই পৰ্যন্ত ৰাজহুৱা কৰা নাই যদিও ইয়াৰ ভিতৰত শতাধিক কৰ্মচাৰী সাক্ষাৎকাৰ অবিহনে কেৱল ভুৱা বদলিকৰণ পত্ৰ দেখুৱাই যে নিযুক্তি লাভ কৰিছিল সেয়া নিশ্চিত বুলি এক উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিছে ।

উল্লেখ্য যে অৱসৰপ্ৰাপ্ত স্বাস্থ্য সঞ্চালক ধ্ৰুৱ হোজাইৰ কাৰ্যকালতে অধিকাংশ অবৈধ কৰ্মচাৰীয়ে নগাঁও, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ধেমাজি, লখিমপুৰ আদি জিলাত ২০০৮-০৯ চনৰ পৰা ২০১৬-১৭ চনৰ ভিতৰত সাক্ষাৎকাৰ, বিজ্ঞাপন অবিহনে স্বাস্থ্য বিভাগৰ বিভিন্ন পদত বদলিকৰণৰ ভুৱা প্ৰমাণ পত্ৰ লৈ কেৱল টকাৰ বিনিময়ত নিযুক্তি লাভ কৰিছিল । ২০১৬ চনত ৰাজ্যত কংগ্ৰেছ চৰকাৰৰ পতন হোৱাত বিজেপি নেতৃত্বাধীন চৰকাৰ শাসনলৈ অহাৰ পিছতে সমগ্ৰ কেলেংকাৰী পোহৰলৈ আহে ।

বিজ্ঞাপন

ফলত অবৈধ প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা এম এছ ডব্লিউ আৰু চতুৰ্থ বৰ্গ পদত কৰ্মৰত সহস্ৰাধিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰে যদিও অন্যান্য পদত কৰ্মৰত ভুৱা কৰ্মচাৰী সকলক ৰহস্যজনকভাৱে তদন্তৰ আওতাৰ পৰা বাহিৰত ৰখা হয় । তাতোকৈ গুৰুত্বপূৰ্ণ কথা যে যি সকল বিষয়াই লাখ লাখ টকা সংগ্ৰহ কৰি একাংশ শিক্ষিত যুৱক-যুৱতীক বলিৰ পঠা সজালে সেই সকল বিষয়াৰ বিৰুদ্ধে নিমাত হৈ থাকিল সংশ্লিষ্ট বিভাগ । ইয়াৰ পৰিপ্ৰেক্ষিতত আমগুৰিৰ অসম নৱ নিৰ্মান সমিতিৰ সভাপতি দিগন্ত শইকীয়াই তথ্য জনা অধিকাৰ আইনৰ অধীনত বৰ্তমানেও বিভাগটোৰ বিভিন্ন পদত কৰ্মৰত হৈ থকা অবৈধ কৰ্মচাৰী সকলৰ তথ্য লাভ কৰিবলৈ সক্ষম হয় ।

বিজ্ঞাপন

দিগন্ত শইকীয়াই এই সন্দৰ্ভত গোচৰ তৰাৰ লগতে বৰ্তমানেও অবৈধ প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা যি সকল কৰ্মৰত হৈ আছে সকলোকে বৰ্খাস্ত কৰাৰ দাবী জনায় । এনে পৰিস্থিতিত গুৱাহাটীৰ স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মেই শিৱসাগৰ আৰু চৰাইদেউ জিলাত কৰ্মৰত কৰ্মচাৰী সকলৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে । লক্ষ্যণীয় যে অসম নৱ নিৰ্মান সমিতিৰ অভিযোগ অনুসৰিয়েই চলিত বৰ্ষৰ ২২ ফেব্ৰুৱাৰীতো ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে শিৱসাগৰ, চৰাইদেউ, ধেমাজি, লখিমপুৰ আৰু নগাঁও জিলাৰ স্বাস্থ্য বিভাগত হোৱা নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে NHM ৰ মিচন ডাইৰেক্টৰ ড° এম এছ লক্ষ্মীপ্ৰিয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল ।

বিজ্ঞাপন

ইপিনে তদন্ত চলি থকাৰ সময়তে টকাৰ বিনিময়ত অবৈধ প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা কৰ্মচাৰী সকলে সম্প্ৰতি চাকৰি বচাবলৈ ৰাজনৈতিক ক্ষমতাৰ ওচৰ চপা বুলিও অভিযোগ উত্থাপিত হৈছে । আনহাতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ উপৰিও ডিব্ৰুগড় জিলাতো বৰ্তমানেও এল ডি এ, ইউ ডি এ, ভেকচিনেটৰ, হেল্থ এডুকেটৰ আদি বিভিন্ন পদত অবৈধ প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা বহু সংখ্যক কৰ্মচাৰী কৰ্মৰত হৈ আছে । একাংশৰ নাম তালিকা ইতিমধ্যেই স্পষ্ট হৈ পৰিছে ।

বিজ্ঞাপন

News18

জিলা সমূহত অবৈধ প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা কোনো কোনোৱে অৰ্হতা অবিহনেই পদোন্নতিও লাভ কৰি ৰাজকোষৰ ধন ভোগ কৰি থকা বুলি সদৰী কৰিছে অসম নৱ নিৰ্মান সমিতিৰ সভাপতি দিগন্ত শইকীয়াই । ইয়াৰ উপৰিও শেহতীয়াকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাত তদন্ত কমিটি গঠন কৰি নথি-পত্ৰ পৰীক্ষাৰ ব্যৱস্থা কৰিলে যদিও বাকী জিলা সমূহত কিয় তদন্তৰ ব্যৱস্থা নাই কৰা বুলি প্ৰশ্ন উত্থাপন কৰিছে অসম নৱ নিৰ্মান সমিতিৰ সভাপতি গৰাকীয়ে ।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন