உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • এক লাখ নিযুক্তি প্ৰক্ৰিয়াঃ ৩য় আৰু ৪ৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে দুখন কমিটী গঠন কৰি দিলে মুখ্যমন্ত্ৰীয়ে

    এক লাখ নিযুক্তি প্ৰক্ৰিয়াঃ ৩য় আৰু ৪ৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে দুখন কমিটী গঠন কৰি দিলে মুখ্যমন্ত্ৰীয়ে

    দুজন অতিৰিক্ত মুখ্য সচিবৰ নেতৃত্বত দুখন কমিটী গঠন

    দুজন অতিৰিক্ত মুখ্য সচিবৰ নেতৃত্বত দুখন কমিটী গঠন

    দুজন অতিৰিক্ত মুখ্য সচিবৰ নেতৃত্বত দুখন কমিটী গঠন

    • Share this:

    শনিবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম চৰকাৰৰ বিভাগসমূহত নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ১ লাখ নিবনুৱাক নিযুক্তি প্ৰদানৰ লক্ষ্য পূৰণ কৰা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷


    এই বৈঠকত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহৰ বাবে অতিৰিক্ত মুখ্য সচিব পদবীধাৰী বিষয়াৰ নেতৃত্বত পৃথক নিযুক্তি আয়োগ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।


    শনিবাৰৰ বৈঠকত অসম লোকসেৱা আয়োগৰ অধীনত বিভিন্ন অভিযান্ত্ৰিক সেৱাৰ বাবে এক সন্মিলিত নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
    বৈঠকখনত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাজীৱ কুমাৰ বৰা, মুখ্য সচিব  জিষ্ণু বৰুৱা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা আৰু বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত থাকে ৷

    Published by:Gautam Barman
    First published: