মুখ্যপৃষ্ঠা »খবৰ »অসম »কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিলেখ সংখ্যক ৰাজহ সংগ্ৰহ; এই বৰ্ষত সৰ্বাধিক সংখ্যক ৩৬৫ কোটি টকাৰ ৰাজহ সংগ্ৰহ

কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিলেখ সংখ্যক ৰাজহ সংগ্ৰহ; এই বৰ্ষত সৰ্বাধিক সংখ্যক ৩৬৫ কোটি টকাৰ ৰাজহ সংগ্ৰহ

সময়মতে যান-বাহনৰ কৰ আদায় দিয়া, নথি-পত্ৰ সঠিক কৰি ৰখা বাহনৰ গৰাকীলৈ সহকাৰী পৰিবহণ আয়ুক্তৰ কৃতজ্ঞতা

সময়মতে যান-বাহনৰ কৰ আদায় দিয়া, নথি-পত্ৰ সঠিক কৰি ৰখা বাহনৰ গৰাকীলৈ সহকাৰী পৰিবহণ আয়ুক্তৰ কৃতজ্ঞতা

সময়মতে যান-বাহনৰ কৰ আদায় দিয়া, নথি-পত্ৰ সঠিক কৰি ৰখা বাহনৰ গৰাকীলৈ সহকাৰী পৰিবহণ আয়ুক্তৰ কৃতজ্ঞতা

  • Share this:
কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে বিগত বিত্তীয় বৰ্ষত ২৮৭.৬৮ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ বিপৰীতে চলিত বৰ্ষত এই বিভাগটোৱে সৰ্বাধিক সংখ্যক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, ৰাজ্যৰ সহকাৰী পৰিবহন আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ অধীনৰ পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ শাখাৰ কাৰ্যালয়ে এই বিত্তীয় বৰ্ষত ৩২৫,৬০,১৪,৭০৮ কোটি টকাৰ অভিলেখ সংখ্যক ৰাজহ সংগ্ৰহ কৰিছে। ইয়াৰ বিপৰীতে জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসৰ অধীনৰ প্ৰৱৰ্তক শাখাই জৰিমণা আকাৰে সৰ্বাধিক পৰিমাণৰ ৩৭,০৮,২১,২১১ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰে। লগতে বিভাগটোৰ অন্যতম পৰিবহণ বিষয়া ৰফিকুল ইছলামৰ অধীনৰ আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী কাৰ্যালয়েও ২,২৬,১৪,৯৫০ কোটি টকাৰ সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰি এই বৰ্ষত পূৰ্বৰ সকলো সময়ৰ অভিলেখ ভংগ কৰি বিভাগটোৱে সৰ্বাধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। মহানগৰ জিলা পৰিবহণ বিভাগৰ এই আটাইকেইটা কাৰ্যালয়ে সৰ্বাধিক সংখ্যক ৰাজহ সংগ্ৰহ কৰি পৰিবহণ বিভাগৰ ইতিহাসত নজিৰ সৃষ্টি কৰিছে।

এই সফলতাৰ বাবে পৰিবহণ বিষয়াগৰাকীয়ে বিভাগৰ বিষয়া-কৰ্মীসকলৰ লগতে সকলো শ্ৰেণীৰ বাহনৰ মালিক আৰু চালক বন্ধুসকলৰ সহযোগিতাৰ কথা উল্লেখ কৰি সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত এক সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ বাবে জনোৱা আহ্বান আৰু পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এইক্ষেত্ৰত দিয়া নিৰ্দেশত পৰিবহণ বিভাগে যোৱা দিনবোৰত সৰ্বত্ৰে গঢ়ি তোলা সজাগতা-সচেতনতাৰে এয়া ফল বুলি সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে উল্লেখ কৰে ৷

আনহাতে, যিসমূহ ব্যৱসায়িক আৰু নিৰ্মাণ প্ৰতিষ্ঠানে এতিয়াও যানবাহনৰ যাৱতীয় কৰ আদায় দিয়া নাই সেইসকলৰ লগতে বৰ্হিৰাজ্যৰ যিসমূহ বহুজাতিক প্ৰতিষ্ঠানে নিজ নিজ ৰাজ্যত বাহনৰ পঞ্জীয়ন কৰি অসমত দীৰ্ঘদিন ব্যৱসায়-বাণিজ্য চলাই থাকিও প্ৰাপ্য ৰাজহৰ পৰা বঞ্চিত কৰি আহিছে তেওঁলোকক তৎকালীনভাৱে যানবাহনৰ যাৱতীয় কৰ আদায় দি বাহনৰ নথিপত্ৰসমূহ সঠিক কৰি ৰাখি পথ-সুৰক্ষাৰ সকলো নীতি-নিৰ্দেশনা মানি চলিবলৈ তিনিওগৰাকী পৰিবহণ বিষয়াই আহ্বান জনায়। ইফালে ৰাজ্যৰ উন্নয়ন আৰু ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়াত ব্যৱস্থা বাহাল ৰখাৰ স্বাৰ্থত কৰ অনাদায়ী বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগে শীঘ্ৰে জোৰদাৰ অভিযানত নামিব বুলিও জানিবলৈ দিয়ে।

শেহতীয়া বাতৰি