অক্টোবৰৰ ১ তাৰিখৰ পৰা পৰ্যটকৰ বাবে মুকলি হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga Nationala Park)। উদ্যান মুকলিৰ পিছত কাজিৰঙালৈ সোত বৈছে পৰ্যটক (Tourist)ৰ। বৰ্তমানলৈ কাজিৰঙা দৰ্শন কৰা পৰ্যটকৰ সংখ্যা ১০৭৬০ গৰাকী। সাধাৰণতে অক্টোবৰ মাহত ৯ ৰ পৰা ১০ হাজাৰ পৰ্যটকে দৰ্শন কৰে কাজিৰঙা কিন্তু এইবাৰ অক্টোবৰ মাহৰ মাজভাগতে ১০ হাজাৰৰো অধিক পৰ্যটকে কাজিৰঙা দৰ্শন কৰিলে যি নিশ্চয়কৈ এক আশাৰ বতৰা।
উল্লেখ্য যে পৰ্যটকৰ বাবে কেৱল কহঁৰা আৰু বাগৰী বনাঞ্চলহে মুকলি কৰা হৈছিল যদিও অহা সপ্তাহৰ পৰা বুঢ়াপাহাৰ আৰু অগৰাতলী বনাঞ্চলো পৰ্যটকৰ বাবে মুকলি হ'ব বুলি প্ৰকাশ কৰে উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে। সঞ্চালকগৰাকীৰ মতে অহা মাহত আন্তৰাষ্ট্ৰীয় বিমান সেৱা সুচাৰুৰূপে চলিলে কাজিৰঙালৈ পৰ্যটকৰ আগমন আৰু অধিক হ'ব পাৰে বিশেষকৈ বিদেশী পৰ্যটক (Foreign Tourist)ৰ সংখ্যা বৃদ্ধি হ'ব পাৰে।
অহা ১ নবেম্বৰৰ পৰা কাজিৰঙাত মুকলি হ'ব হাতী চাফাৰী (Elephant Safari)। ইপিনে ট্ৰেকিঙৰ ব্যৱস্থা থকা চিৰাং পাহাৰ, ভোমোৰাগুৰি নদী পৰ্যটন, বুঢ়াচাপৰি আদি অহা কেইদিনমানৰ পিছতে পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। ট্ৰেকিঙৰ বাবে বাগছাৰ পাহাৰতো নতুন পৰিকল্পনা লোৱাৰ কথা সদৰী কৰে সঞ্চালকগৰাকীয়ে। ক'ভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ পিছত পৰ্যটকৰ এনে সহাৰিয়ে পৰ্যটন উদ্যোগ (Tourism Induatry)ক টনকীয়াল কৰিব বুলি আশাবাদী সকলো।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|