পাণবজাৰৰ ৰেৱতী চাট হাউছত তলা ওলমালে খাদ্য সুৰক্ষা বিভাগে

১৯৮৭ চনতে স্থাপন হোৱা ৰেৱতী চাট হাউছ পাণবজাৰৰ এক আকৰ্ষণ। প্ৰতিদিনেই বিভিন্ন খাদ্যৰ জুতি ল’বলৈ ৰেৱতী চাট হাউছত ভিৰ কৰেহি বহু লোকে।

News18-Assam
Updated:August 3, 2019, 11:54 AM IST
পাণবজাৰৰ ৰেৱতী চাট হাউছত তলা ওলমালে খাদ্য সুৰক্ষা বিভাগে
১৯৮৭ চনতে স্থাপন হোৱা ৰেৱতী চাট হাউছ পাণবজাৰৰ এক আকৰ্ষণ। প্ৰতিদিনেই বিভিন্ন খাদ্যৰ জুতি ল’বলৈ ৰেৱতী চাট হাউছত ভিৰ কৰেহি বহু লোকে।
News18-Assam
Updated: August 3, 2019, 11:54 AM IST
মহানগৰীৰ পাণবজাৰস্থিত ৰেৱতী চাট হাউছত তলা ওলমালে খাদ্য সুৰক্ষা বিভাগে। গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগান ধৰাৰ অভিযোগত ৭ দিনৰ বাবে বন্ধ কৰি দিয়া হ’ল ৰেৱতী চাট হাউছত। NEWS18ৰ বাতৰিৰ পিছতে আজি পুৱাৰ ভাগত খাদ্য সুৰক্ষা বিভাগে অভিযান চলাই তলা লগাই দিয়ে চাট হাউছখনত।

উল্লেখযোগ্য যে ১৯৮৭ চনতে স্থাপন হোৱা ৰেৱতী চাট হাউছ পাণবজাৰৰ এক আকৰ্ষণ। প্ৰতিদিনেই বিভিন্ন খাদ্যৰ জুতি ল’বলৈ ৰেৱতী চাট হাউছত ভিৰ কৰেহি বহু লোকে। ফাষ্ট ফুডৰ বাবে বিখ্যাত ৰেৱতী চাট হাউছ। কিন্তু গ্ৰাহকৰ স্বাস্থ্যৰ প্ৰতি ব্যৱসায়িক প্ৰতিষ্ঠানখনে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ। অতি লেতেৰা পৰিৱেশৰ মাজতে গ্ৰাহকক খাদ্যৰ যোগান ধৰি আহিছে ৰেৱতী চাট হাউছে।
আৰু চাওক পৰৱৰ্তী বাতৰি