মুখ্যপৃষ্ঠা »খবৰ »অসম »কোভিড ভেকচিনৰ বাবে অসমলৈ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ ১৫ কোটি, সংবাদ মেলত ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কোভিড ভেকচিনৰ বাবে অসমলৈ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ ১৫ কোটি, সংবাদ মেলত ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কোভিডৰ প্ৰথম বা দ্বিতীয় বা তৃতীয় ৱেভক প্ৰতিহত কৰিবলৈ ভেকচিন লাগিবই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

কোভিডৰ প্ৰথম বা দ্বিতীয় বা তৃতীয় ৱেভক প্ৰতিহত কৰিবলৈ ভেকচিন লাগিবই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

  • Share this:
ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজে অসমক কোভিড ভেকচিনৰ নামত দিলে ১৫ কোটিৰ অনুদান। কোভিডৰ নামত ব্যৱহাৰ কৰা গাড়ীক দিব পেট্ৰ’ল। এই কথা আজি সংবাদমেলত উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যৰ কোভিড পৰিস্থিতিক লৈ আজি আয়োজন কৰা এক সংবাদমেলত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ‘‘আৰোগ্য নিধিত জমা থকা ১১৯ কোটি টকা ভেকচিনৰ নামত খৰচ কৰিম। মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আৰোগ্য নিধিলৈ ৫০ কোটি টকা দিম৷ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে আমাক ১৫ কোটি দিছে।’’

কোভিডৰ প্ৰথম বা দ্বিতীয় বা তৃতীয় ৱেভক প্ৰতিহত কৰিবলৈ ভেকচিন লাগিবই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভেকচিনৰ নাটনি আছে ৷ ২৫ লাখ মানুহক ভেকচিন দিব পাৰিছো৷ প্ৰতিদিনে ৫০ হাজাৰকৈ দিবলৈ সক্ষম হৈছো৷ অহা মাহ বা তাৰ পিছৰ মাহত ভেকচিনৰ অভাৱ কমিব।

‘আমি ৩ কোটি মানুহক ভেকচিন দিয়াৰ কথা৷ ১৮ বছৰৰ ওপৰৰ বয়সৰ লোকক ভেকচিন দিয়াৰ দায়িত্ব আমাৰ৷ ১৮ বছৰৰ তলৰখিনিৰ দায়িত্ব ৰাজ্য আৰু কেন্দ্ৰৰ। ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সংবাদমেলত ড০ শৰ্মাই কয়, ‘‘কোনোবাই ক'ব পাৰে যে চৰকাৰৰ টকা নাই নেকি বুলি? মই কম যে ৰাইজৰ টকাই চৰকাৰৰ টকা৷ আমি কৰ বৃদ্ধি কৰিলেহে টকা পাম৷ আমিটো টকা ছপা নকৰো৷ ৰাইজৰ টকাৰে চৰকাৰ চলে৷ আমি কৰ-কাতল বৃদ্ধি কৰিব বিচৰা নাই৷ ৰাইজে এজনে আনজনৰ ভেকচিন দিব পাৰে নেকি ভাৱক৷ এয়া হ'ব এজনৰ জীৱন ৰক্ষা কৰাৰ আনন্দ। তিনি কোটি মানুহক ভেকচিন দিবলৈ দহ মাহ লাগিব৷ চৰকাৰ আছেই৷ ৰাইজে ভেকচিন কাৰোবাক দিব বিচাৰিলে দিব পাৰে৷ এয়া হ'ব জন আন্দোলন। দান-বৰঙণি নাপালেও আমি ৰাইজক বিনামূলীয়াকৈ ভেকচিন দিমেই ৷

আনহাতে, ৰিলায়েন্সৰ অসমত থকা পেট্ৰ’ল পাম্পবোৰে কোভিডৰ কামত ব্যৱহৃত গাড়ীত পেট্ৰ’ল দিব বুলিও সংবাদ মেলত উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

শেহতীয়া বাতৰি