কেন্দ্ৰীয় কাৰাগাৰৰ পৰা চলিছে নতুন ৰাজনৈতিক দলৰ পৰিকল্পনা, নেতৃত্বত অখিল গগৈ

নতুন দলৰ নাম হ’ব ‘গণ মুক্তি সংগ্ৰাম সমিতি’ বা ‘আমাৰ ৰাইজৰ দল’
নতুন দলৰ নাম হ’ব ‘গণ মুক্তি সংগ্ৰাম সমিতি’ বা ‘আমাৰ ৰাইজৰ দল’
- News18 Assam
- Last Updated: February 27, 2020, 8:08 AM IST
অখিল গগৈৰ নেতৃত্বত ৰাজ্যত গঠন হ’ব জাতীয়তাবাদী দল । মধ্যস্থতাকাৰীৰ ৰূপত কংগ্ৰেছৰ মুখপত্ৰ তথা প্ৰাক্তন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা কমল কুমাৰ মেধি।ইতিমধ্যে অখিল গগৈৰ সৈতে আলোচনা কৰিছে কমল কুমাৰ মেধিয়ে। দল গঠনকলৈ অনুসূচিত জাতিৰ সৈতেও আলোচনা অখিল গগৈৰ। আলোচনাৰ পিছতেই নতুন দল গঠনৰ ইংগিত।
নতুন দলৰ নাম হ’ব ‘গণ মুক্তি সংগ্ৰাম সমিতি’ বা ‘আমাৰ ৰাইজৰ দল’।২০২১ চনৰ নিৰ্বাচনত BJPক পৰাভূত কৰাৰ লক্ষ্য আগত ৰাখিয়েই নতুন দল গঠনৰ পৰিকল্পনা কৰিছে অখিল গগৈয়ে। ইফালে ‘আছু’ক লৈ সন্দীপ পাণ্ডে আৰু মেধা পাটেকেৰ মন্তব্যক লৈ হতভম্ব অখিল গগৈ। এনেধৰনৰ মন্তব্যই ‘কা’ বিৰোধী আন্দোলনক স্তিমিত কৰিব বুলি মন্তব্য কৰে গগৈয়ে।