உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ধুবুৰীত প্ৰতিজন নাগৰিকে পাব লাগিব ক'ভিড ভেকচিন, উপায়ুক্তই লৈছে এনে তৎপৰতা

    ধুবুৰীত প্ৰতিজন নাগৰিকে পাব লাগিব ক'ভিড ভেকচিন, উপায়ুক্তই লৈছে এনে তৎপৰতা

    অংগনৱাড়ী কৰ্মীসকলে সমীক্ষা কৰি ভেকচিন নোলোৱা ব্যক্তিৰ তালিকা অহা ২১ নৱেম্বৰৰ ভিতৰত দাখিল কৰিব৷

    অংগনৱাড়ী কৰ্মীসকলে সমীক্ষা কৰি ভেকচিন নোলোৱা ব্যক্তিৰ তালিকা অহা ২১ নৱেম্বৰৰ ভিতৰত দাখিল কৰিব৷

    অংগনৱাড়ী কৰ্মীসকলে সমীক্ষা কৰি ভেকচিন নোলোৱা ব্যক্তিৰ তালিকা অহা ২১ নৱেম্বৰৰ ভিতৰত দাখিল কৰিব৷

    • Share this:

      দেশৰ প্ৰতিজন লোকক কোভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে গৈ সমীক্ষা চলাই বাদ পৰাসকলক প্ৰতিষেধক দিয়া হ'ব বুলি কৰা ঘোষণাৰ পিছতে ধুবুৰী জিলাতো প্ৰশাসনে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি ঘৰে ঘৰে গৈ বিভিন্ন কাৰণত কোভিড ভেকচিন নোলোৱা লোকক বিচাৰি উলিওৱাৰ বাবে আৰম্ভ কৰা হৈছে এক সমীক্ষা৷


      বি এল অ', আশা আৰু অংগনৱাড়ী কৰ্মীসকলে জিলাখনৰ প্ৰতিখন ঘৰলৈ গৈ প্ৰতিষেধক নোলোৱা ব্যক্তিক বিচাৰি উলিয়াব৷ তেওঁলোকৰ কামৰ তত্ত্বাৱধান কৰিব বি এল অ' ছুপাৰভাইজৰ, আশা ছুপাৰভাইজৰ আৰু অংগনৱাড়ী ছুপাৰভাইজৰসকলে৷


      আজি ধুবুৰী জিলা পুথিভড়ালৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ছুপাৰভাইজৰসকলক এই সন্দৰ্ভত যাৱতীয় নিৰ্দেশনা আৰু প্ৰশিক্ষণ দিয়া হয়৷ অনুষ্ঠানত ছুপাৰভাইজৰসকলৰ কামৰ তদাৰকৰ দায়িত্বত থকা ছেক্টৰ বিষয়া তথা সহকাৰী ভোটাৰ পঞ্জীয়ন বিষয়া আৰু ছেক্টৰ বিষয়াসকলৰ তত্ত্বাৱধায়কৰ দায়িত্বত থকা জ'নেল বিষয়া তথা ধুবুৰী জিলাৰ ৰাজহ চক্ৰ বিষয়াসকল উপস্থিত থাকে৷


      আজিৰ অনুষ্ঠানত বিষয়া আৰু ছুপাৰভাইজৰসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰী আৰু ভেকচিনৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস৷ অতিৰিক্ত উপায়ুক্ত দাসে সদৰী কৰা মতে, বি এল অ', আশা আৰু অংগনৱাড়ী কৰ্মীসকলে সমীক্ষা কৰি ভেকচিন নোলোৱা ব্যক্তিৰ তালিকা অহা ২১ নৱেম্বৰৰ ভিতৰত দাখিল কৰিব৷


      এই তালিকাৰ আধাৰত ২২ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ বাদ পৰি যোৱাসকলক প্ৰতিষেধক দিয়া হ'ব৷ ইতিমধ্যে জিলাখনৰ গ্ৰামাঞ্চলৰ আশা, অংগনৱাড়ী কৰ্মচাৰী , বি এল অ' ই জিলা উপায়ুক্তৰ নিৰ্দেশ সাৰোগত কৰি লোকৰ ঘৰে ঘৰে গৈছে। অংগনৱাড়ী কৰ্মীসকলে ইতিমধ্যে শিশুৰ অভিভাৱকৰ তালিকা প্ৰস্তুত কৰি বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে ৷ বিগত কিছুদিনৰ পৰা জিলাখনৰ ভেকচিন কেন্দ্ৰসমূহত ভেকচিন ল'বলৈ যোৱা লোকৰ সংখ্যা আশ্চৰ্যজনকভাৱে  কম হৈ পৰিছে ৷

      Published by:Gautam Barman
      First published: