• Home
  • »
  • News
  • »
  • assam
  • »
  • ডিচেম্বৰত মোদীয়ে মুকলি কৰিব অসম পেট্ৰ’কেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্ৰকল্প, ইটালীৰ পৰা অনা হ’ল ৰিয়েক্টৰ

ডিচেম্বৰত মোদীয়ে মুকলি কৰিব অসম পেট্ৰ’কেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্ৰকল্প, ইটালীৰ পৰা অনা হ’ল ৰিয়েক্টৰ

ডিচেম্বৰত প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে নিবনুৱা যুৱক–যুৱতীসকলৰ কৰ্ম সংস্থাপনৰ বাট মুকলি হব বুলি আশা প্ৰকাশ কৰিছে প্ৰকল্পটোৰ অধক্ষ্য বিকুল ডেকাই।

  • Share this:
চলিত বৰ্ষৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ হ’ব ১৭০৯ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হোৱা উজনি অসমৰ অন্যতম উদ্যোগ প্ৰতিষ্ঠান নামৰূপস্থিত অসম পেট্ৰ’কেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্লাণ্টৰ কাম। সকলো ঠিকে ঠাকে থাকিলে অহা ডিচেম্বৰৰ মাহত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ উপস্থিতিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব নতুনকৈ স্থাপিত হোৱা লাভজনক প্ৰকল্পটো।

সেইসূত্ৰে সুদূৰ ইটালীৰ পৰা ভাৰতীয় মূল্য হিচাপত ২৮ কোটি টকা ব্যয়েৰে অনা হৈছে প্ৰকল্পটোৰ হৃদপিণ্ডস্বৰূপ ৰিয়েক্টৰটো। এই ৰিয়েক্টৰটো স্থাপন কৰাৰ লগে লগে পূৰ্ণ পৰ্যায়ত মিথানল আৰু ফৰ্মেনিল উৎপাদন কৰি চৰকাৰৰ ৰাজভঁৰাল টনকিয়াল কৰাৰ আশা প্ৰকাশ কৰিছে প্ৰকল্পটোত নিয়োজিত বিষয়া–কৰ্মচাৰীসকলে।

ডিচেম্বৰত প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে নিবনুৱা যুৱক–যুৱতীসকলৰ কৰ্ম সংস্থাপনৰ বাট মুকলি হব বুলি আশা প্ৰকাশ কৰিছে প্ৰকল্পটোৰ অধক্ষ্য বিকুল ডেকাই।

ইফালে, কলকাতা জাহাজ বন্দৰৰ পৰা বিগত ৯ মাহ ধৰি ৰিয়েক্টৰ কঢ়িয়াই অনা বাহনখন ডিব্ৰুগড় জিলাৰ টেঙাখাটত উপস্থিত হোৱাৰ পিছতেই বাহনখনক নামৰূপলৈ আদৰি আনে প্ৰকল্পটোৰ অধক্ষ্যগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি