‘অসমত স্থান নাই আমিনুল ইছলামৰ, বাংলাদেশ–পাকিস্তানলৈ যাওক’ – কোনে বিধায়কজনক দিলে এই হুংকাৰ?

News18 Assam | News18-Assam
Updated:February 13, 2020, 12:24 PM IST
‘অসমত স্থান নাই আমিনুল ইছলামৰ, বাংলাদেশ–পাকিস্তানলৈ যাওক’ – কোনে বিধায়কজনক দিলে এই হুংকাৰ?
‘ইছলামৰ নামত বিধায়ক আমিনুল ইছলামে যি একত্ৰিতকৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে সেয়া অসমত হ’বলৈ দিয়া নহ’ব।’

‘ইছলামৰ নামত বিধায়ক আমিনুল ইছলামে যি একত্ৰিতকৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে সেয়া অসমত হ’বলৈ দিয়া নহ’ব।’

  • News18 Assam
  • Last Updated: February 13, 2020, 12:24 PM IST
  • Share this:
‘ধৰ্মৰ নামত ৰাজনীতি কৰা আমিনুল ইছলামৰ অসমত স্থান নাই। ধৰ্মৰ নামত ৰাজনীতি কৰিবলৈ হ’লে বাংলাদেশ আৰু পাকিস্তানলৈ যাওক তেওঁ।’ – এই হুংকাৰ সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ সভাপতি ইনামুল হকৰ।

ইছলামৰ নামত বিধায়ক আমিনুল ইছলামে যি একত্ৰিতকৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে সেয়া অসমত হ’বলৈ দিয়া নহ’ব। ইছলামৰ একত্ৰিতকৰণৰ ঠিকা আমিনুলৰ দৰে বিধায়কক দিয়া হোৱা নাই। খিলঞ্জীয়া ইছলাম ধৰ্মীয় লোকসকল কোচ, মেচ আদি জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হোৱা লোক আৰু তেওঁলোক থলগিৰি ভূমিপুত্ৰ। ধৰ্মতকৈ জনগোষ্ঠীয় পৰিচয় দিয়াতে অধিক গুৰুত্ব দিয়ে অসমীয়া মুছলমানে। এই দাবী জাতীয় সংসদৰ সভাপতি ইনামুল হকৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি