মুখ্যপৃষ্ঠা »খবৰ »অসম »হোজাইত ABVPৰ কাণ্ডত প্ৰতিক্ৰিয়া, সুভাষ বসুৰ ভৰিৰ তলত ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি

হোজাইত ABVPৰ কাণ্ডত প্ৰতিক্ৰিয়া, সুভাষ বসুৰ ভৰিৰ তলত ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি

শেহতীয়াকৈ নেতাজীৰ ভৰিৰ তলত ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি থকা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল

শেহতীয়াকৈ নেতাজীৰ ভৰিৰ তলত ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি থকা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল

শেহতীয়াকৈ নেতাজীৰ ভৰিৰ তলত ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি থকা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল

  • Share this:

ৰাজ্যজুৰি ৫ নৱেম্বৰ দিনা স্মৰণ কৰা হৈছিল ভাৰতৰত্ন ভূপেন হাজাৰিকাক। বিভিন্ন অনুষ্ঠান–প্ৰতিষ্ঠানৰ উদ্যোগত  হোজাইতো অনুষ্ঠিত কৰা হৈছিল ভূপেন হাজৰিকাৰ দশম মৃত্যুবাৰ্ষিকী।


হোজাইৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত পুৰণি বজাৰ নেতাজী কৰ্ণাৰত অনুষ্ঠিত কৰা হৈছিল ভূপেন হাজৰিকাৰ দশম মৃত্যুবাৰ্ষিকী। কিন্তু নেতাজীৰ প্ৰতিমূৰ্তিৰ তলত ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি ৰাখি অনুষ্ঠিত কৰা হৈছিল সুধাকণ্ঠৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।


 অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সুভাষ চন্দ্ৰ বসুৰ ভৰিৰ তলত ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি ৰাখি শ্ৰদ্ধাঞ্জলি জনোৱাক লৈ উঠে অভিযোগ। শেহতীয়াকৈ নেতাজীৰ ভৰিৰ তলত ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি থকা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত সংগঠনটোৱে ভূপেন হাজৰিকাক অপমান কৰা বুলি হোজাইৰ চৌদিশে উঠিছে অভিযোগ।


বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংগঠনটোৰ এনে কাৰ্যক তীব্ৰ  গৰিহণা জনাইছে ।ইফালে বিদ্যাৰ্থী পৰিষদে কৰা ভুল তেওঁলোকৰ দৃষ্টিগোচৰ হোৱাৰ পিছত বিদ্যাৰ্থী পৰিষদৰ সাধাৰণ সম্পাদক সোণাল কুন্ডুৱে এয়া তেওঁলোকৰ ডাঙৰ ভুল হৈছে বুলি মন্তব্য কৰাৰ লগতে আগন্তুক দিনত এনে ভুল যাতে নহয় ইয়াৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখিব বুলি ব্যক্ত কৰি অসমবাসীৰ পৰা ক্ষমা বিচাৰে।

শেহতীয়া বাতৰি